বায়ালিশ
মহাপুৰুষীয়া ধৰ্মত নৱ-বিধানৰ সঙ্কেত
ইংৰাজী “ৰিলিজিয়” শব্দৰ ধাতুগত অৰ্থ ‘পুনৰ বান্ধ খুউৱা; অৰ্থাৎ এক ঈশ্বৰৰ সন্তান স্বৰূপে জন্মৰ দ্বাৰাই সকলো মানুহ এক গোত্ৰৰ, ধৰ্মই আমাক আকৌ একেলগে বান্ধ খুৱায়। সংস্কৃত ‘ধৰ্ম’ শব্দৰে ধাতুগত অৰ্থ একেই, ই মানুহক তথা সমাজক খহি পৰিবলৈ নিদি ধৰি ৰাখে। গতিকে স্বৰূপ অৰ্থত ধৰ্মৰ আৱশ্যকতা চিৰন্তন যে সন্দেহ নাই; নিজ উদ্দেশ্যৰ পৰা অধঃপতিত ইটো বা সিটো ধৰ্ম বেয়া হব পাৰে, সেই গঢ়ত সেই ধৰ্মক আমি বেয়া আৰু নালাগে বুলিব পাৰে, কিন্তু সি প্ৰকৃত ধৰ্মক বেয়া বা নালাগে বোলা নহয়। মূলতে ধৰ্মকে নালাগে বুলিলে সমাজক, সুখ-শান্তিক আৰু জীৱনক নালাগে বোলাৰ নিচিনা ভ্ৰমাত্মক কথা হয়।
এই কথা সত্য যে মৰ্ত্ত্য়ভূমিত জস্মিলে সকলো বস্তুৱেই ক্ষয়প্ৰাপ্ত আৰু মৰণশীল স্বভাৱ ধৰে; ধৰ্মগুৰুসকলৰ প্ৰচাৰিত ধৰ্ম বিষয়েও একে কথাই। তাৰ দ্বাৰা মূল সত্যবস্তুৰ নাশ হব নোৱাৰে; কেৱল সেই সত্য বিকৃতি-প্ৰাপ্ত হয়। যি সত্য ধৰ্ম সমাজৰ ধৰণি বা আধাৰ স্বৰূপ, সিয়েই এই বিকৃত ৰূপত আকৌ সমাজৰ ধ্বংসৰ ভয়াবহ হেতু হৈ উঠে। এ বিপদৰ আগন্তুক মুহূৰ্ততে মূল সত্য ধৰ্মক নতুন গঢ়ত প্ৰচাৰ কৰিবৰ আৱশ্যক হয় যাতে সি আপাততঃ সমাজৰ ধ্বংসৰ হেতু হব নোৱাৰে। টেনিছনৰ অমৰ ভাষাৰে- "The old order changeth yielding place to new Lest one good custom should coriupt to world”.
– The Passing of Arthur
সত্যৰ এই বিকৃতিকৰণকে শ্ৰীমদ্ভাগৱত গীতাত “ধৰ্মৰ গ্লানি,