পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৭
মহাপুৰুষীয়া ধৰ্মত নৱ বিধানৰ সঙ্কেত


ধৰে আঁটি।'—এনে মনোবৃত্তি আশা কৰি বহি থাকে তেনে জনতকৈ মূৰ্খ আৰু কেও নহব। আজি যদি কোনোবাই—“নমো নমো পাৰিজাত। কুকুৰে ছুলে বাহী গাত।'—এনে অদ্ভুত ভাও ধৰি স্বৰ্গৰ সঁচাৰ কাঠি-ৰখীয়া বোলাবলৈ আহে, তেওঁতকৈ মূৰ্খ আৰু কেও নহব। স্বৰূপতে পাঁচশ বছৰৰ আগতে শঙ্কৰদেৱে স্বৰ্গৰ সঁচাৰ-কাঠি তেওঁলোকৰ পৰা কাঢ়ি আনি আমাৰ আটাইৰে হাতে হাতে দিলে, মাজতে কোনোবাই তাক হেৰুৱাইছিল যদিও আজি পুনৰ তাক বিচাৰি লৈছে।

 প্ৰাচ্য আদৰ্শৰ লগত পাশ্চাত্য আদৰ্শ সংঘৰ্ষ আৰু সংঘাত অৱশ্যে ভাৰতীয় মনৰ পৰিবৰ্তনৰ এক স্তৰ আছিল। এই স্তৰত ভাৰতবৰ্ষই অতীতৰ “কৌপিনৱন্তঃ খলু ভাগ্যৱন্তঃ আদৰ্শ পাহৰি “কোট্ পেন্টৱন্তঃ খলু ভাগ্যৱন্ত” আদৰ্শ গ্ৰহণ কৰিছিল, আৰু পঞ্চ- দেৱতাৰ সেৱাৰ ঠাইত পঞ্চেন্দ্ৰিয়ৰ সেৱাত ৰত হৈছিল। প্ৰাচীন ভাৰতত যে ভোগৰ অভাৱ আছিল এনে নহয়, কিন্তু সেই ভোগৰ মাজত যি ত্যাগৰ আদৰ্শ আছিল তাক পাহৰি পেলাইছিল। কিন্তু এই দোষৰ ক্ষতিপূৰণ ৰূপে পাশ্চাত্যই শিকোৱা এক মহাগুণ হ’ল যুক্তি আৰু বিজ্ঞানৰ বিচাৰ। তদুপৰি পাশ্চাত্য সভ্যতাৰ মিলনে ভাৰতবৰ্ষক দিলে এক নতুন সমভাব আৰু তুলনামূলক বিচাৰ- পদ্ধতি। আচৰিতভাৱে মহাপুৰুষীয়া ধৰ্মত এই সকলোগুণ বিদ্যমান।

 মুক্তি ভাৰতীয় চতুবৰ্গ সাধনৰ অন্যতম। পৰমাৰ্থিক ভাবত ইয়াৰ বিভিন্ন তাৎপৰ্য হলেও ব্যৱহাৰিক অৰ্থত ই স্বাধীনতা বুজায়। যি ধৰ্ম-বস্তুৱে মানুহৰ আত্মক সকলো বন্ধনৰ পৰা মুক্তি দিব পাৰে, সেই ধৰ্মবস্তু লভিবলৈ কোনোবা কাৰো দাস হব লাগে এনে কথা মনত ঠাই দিব নোৱাৰি। স্নেহ যেনেকৈ দাসত্ব নহয়, ভক্তিও তেনেকৈ স্বৰূপাৰ্থত দাস নহয়; ঈশ্বৰৰ বা সত্যৰ যি দাস তেওঁ বিশ্বৰ শাসক-নিজিনিয়া শৰীৰৰ শত্ৰুচয়। জিনিলোঁ দশোদিশ কোনে কয়। ধৰ্মগুৰু মুক্তিপথৰ নায়ক আৰু স্বাধীনতা সংগ্ৰামৰ সাৰণি।