পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৪
যুগনায়ক শঙ্কৰদেৱ


আমাৰ বোধগম্য কৰিছে। আজি আৰু মানুহেই গ্ৰন্থ নহয়। মানুহৰ ভাব আৰু পুৰণি ৰীতি-নীতিৰ উমৈহতীয়া ধন এতিয়া হাতেলিখা পুথিত পোত খাই বা পুৰণি লিপিত আৰু স্মৃতিস্তম্ভত অনাবিষ্কৃত হৈ থকা নাই। প্ৰাকৃঐতিহাসিক আৰু বুৰঞ্জীমূলক সঁজুলি পৃথিবীৰ সকলো ঠাইৰে পৰা বুটলি আনি এতিয়া সংস্কৃতি আৰু সভ্যতা, ধৰ্মমূলক বিশ্বাস আৰু দাৰ্শনিক ভাবৰ উৎকৰ্ষৰ ক্ৰমিক অৱস্থাৰ ভিতৰেদি মানুহৰ জাতিৰ ক্ৰমবিৱৰ্তনমূলক গতিৰ আমি গম ধৰিব পৰা হৈছোঁহঁক। ভ্ৰমণ আৰু চলাচলৰ দিনক দিনে বাঢ়ি অহা সুবিধাৰ পৰা আমাৰ ভাব আৰু ধাৰণাবোৰ আমি মুকলিকৈ সাল- সলনি কৰিব পৰা হৈছোঁহঁত। সেই সুদিন আহিছে যেতিয়া আমি অকল এক পিতৃম্বৰৰ উত্তৰাধিকাৰী ৰূপে নহয়, মানুহ জাতিৰ সদৌ পিতৃস্বৰৰ উত্তৰাধিকাৰীৰূপে সগৌৰৱে দেখা দিব পাৰিম।”

( Ceylop Lectures, pp. 283-284 ).

 “এই কথা নিশ্চিত যে পুৰোহিলি আৰু ভেদ-সম্পন্ন ধৰ্মবোৰে এতিয়ালৈকে মৃত্যু-বৰণ কৰা নাই যদি অন্তত দিন গণিছে। যি ধৰ্ম বিশ্বজনীন হৈও ব্যক্তিগত আৰু যি ধৰ্ম বিজ্ঞান আৰু যুক্তিসম্মত, আজিৰ ডেকা শক্তিয়ে সেই ধৰ্মহে আদৰ কৰিব নিশ্চয়। ( আজিৰ যুগৰ উপযোগী ধৰ্মত) কোনো অক্য়াৰ্য্য়-মুষ্ঠি” বা বেপেৰুৱা গোপনীয়তা থাকিব নালাগিব; আজিৰ ধৰ্মত স্বৰ্গৰ সঁচাৰ-কাঠি কোনো এক সুবিধা-প্ৰাপ্ত শ্ৰেণীত কি-নালাগিব। (আজিৰ জগতত) ধৰ্ম তিষ্ঠিবলৈ হলে তাৰ মুকতি হিয়াৰ মুকলি দুৱৰ থকা নীতি হব atistaCeylon Lectures.

.