পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৬
যুগনায়ক শঙ্কৰদেৱ

"Milton! Thou shouldst be living at this hour : England hath need of thee.” মিল্টনৰ লগত ইংৰাজ সমাজৰ সম্বন্ধতকৈ শঙ্কৰদেৱৰ লগত অসমীয়া সমাজৰ সম্পৰ্ক সহস্ৰ গুণে ঘনিষ্ঠ, আৰু উনৈশ শতিকাৰ ইংৰাজ সমাজতকৈ আধুনিক অসমীয়া সমাজৰ অধঃপতন হয়বা শতগুণে চৰা; এনে অৱস্থাত অসমীয়া জাতিৰ অদ্বিতীয় ত্ৰাণকৰ্ত্তা শঙ্কৰদেৱৰ নাম নলৈ আমি কাৰ নাম লম? প্ৰকৃততে অসমৰ বৈষ্ণৱ যুগৰ বুৰঞ্জী ইংলণ্ডৰ ৰেণেছেঞ্চ্ আৰু এলিজাবেথ যুগৰ ইতিহাসৰ সমন্বয় স্বৰূপ। সকলো প্ৰকাৰ বিপ্লৱত জুৰুলা হোৱা এই দেশক সদৌভাৱে সুস্থ আৰু সবল কৰি তুলিছিল এক নিৰ্মল সত্য সনাতন ধৰ্মই, সেয়ে বৈষ্ণৱ ধৰ্ম; অসমীয়া সমাজৰ হেৰোৱা চৈতন্য আৰু আত্মবিশ্বাস পুনৰ থাপিছিল এক বিপুল সাহিত্যই, সেয়ে বৈষ্ণৱ সাহিত্য; আৰু অসমীয়া জাতিৰ ধমনিত ন-কৈ তপত তেজৰ সোত বোৱাই প্ৰাণ স্পন্দিত কৰি তুলিছিল এজন মহাপুৰুষে, সেইজনেই শ্ৰীশঙ্কৰদেৱ।

 কিন্তু আমি সম্প্ৰতি পতনৰ এনে ঠিয় গড়াত ভৰি দিছোঁহি যে যিজনৰ কাষত আমি অকল পৰকাললৈ নহয়, ইহ জীৱনৰ বাবেও পুৰুষে পুৰুষে ঋণগ্ৰস্ত, সেই মহাপুৰুষকে হয়বা কোনো-কোনোৱে চিনি নোপোৱা হৈছোঁহিহঁত; সৰহ কি, কোনো-কোনোৱে হয়বা আমাৰ বৰ্ত্তমান নিজ পৰাধীনতা, ভীৰুতা আৰু নীচতাৰ মেটমৰা ভাৰখনো সেই মহাপুৰুষেই আমাৰ কান্ধত তুলি দিলে বুলি কৈ নিজ বুদ্ধি-বিপৰ্য্যয়ৰ পৰাকাষ্ঠা দেখুৱাবলৈও সঙ্কোচ বোধ নকৰা হৈছোঁহঁত! অশলাগীতকৈ অকল্যাণী হীন জীৱ অৱশ্যে পৃথিবীত নাই; যিবোৰে আজি ৰজাৰ ভৃত্যৰ অকিঞ্চিৎকৰ অনুগ্ৰহপ্ৰাৰ্থী হৈ নিজক কৃতাৰ্থ মানিছোঁকহঁত, সেইবোৰেই জগতৰ হয়বা সহখিনি গুৰুৱেই পাবলৈ হামৰাও কাঢ়ি ফুৰা অতি-আকাঙ্খিত ৰাজগুৰুৰ সম্মান আৰু তাৰ অনুগামী পুৰুষানুক্ৰমিক ৰাজ-অনুগ্ৰহ উপযাচি দিয়াতো ভৰিৰে ঠেলা মহাপুৰুজনেই আমাক দাসত্ব শিকালে