পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৫
কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী

ঢাকি ৰাখিব নোৱাৰে। অসমৰ সেই কালৰ বুৰঞ্জীয়েই জলজলপট- পটকৈ দেখুৱায় যে পঞ্চদশ শতিকাৰ নিচিনা বিপ্লৱৰ কালত নিজ ভাষা-সংস্কৃতি আৰু ধৰ্ম বিসৰ্জন দি অসমীয়া জাতি হয় ধ্বংস পাব লাগিছিল, নহয় চাৰিও পাশৰ আবৰী জাতিৰ লগত মিল যাব লাগিছিল; পিছে তাৰ পৰিবৰ্ত্তে অসমৰ জাতীয় চৈতন্য নৱ বৈষ্ণৱ ধৰ্মৰ যোগেদি ভাৰতৰ মহাজাতীয় চৈতন্যৰ জগত মিলাই দি আমি আজি যি গৌৰৱান্বিত অৱস্থা আৰু সুবিধা ভোগ কৰিছোঁহঁত, তাৰ বাবে এই মহাপুৰুষৰ ওচৰত আমি সহস্ৰভাৱে ঋণী। সত্য কথা, বেলিৰ পৰা পোহৰ পৃথকাব নোৱৰাৰ দৰে শ্ৰীশঙ্কৰদেৱৰ পৰা অসমৰ জাতীয় সংস্কৃতি আৰু উন্নতি বেলেগাব নোৱাৰি। অৱশ্যে ধৰ্ম্ম জীৱনত যেনেকৈ যোৱা পাঁচ শ বছৰে কোটি কোটি নৰ-নাৰীয়ে শঙ্কৰদেৱক সাক্ষাৎ ঈশ্বৰ বুলি মানি তৰি গৈছে; কৰ্ম জীৱনতো শঙ্কৰদেৱ অসমীয়া জাতিৰ saviour, ত্ৰাণকৰ্ত্তা। শঙ্কৰদেৱক সেই- দৰে মানি জাতীয় মুক্তি বিচাৰিবৰ কাল আহিল বুলি আমাৰ বিশ্বাস। “শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু। তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু।” এই ঘোষাত “হৰি- ভকতৰ’’ ঠাইত ‘দেশ-ভকতৰ’ কথাটি খুৱাই ইয়াকে অসমৰ জাতীয় motto ( মত) ৰূপে সোণালী আখৰেৰে লিখি লৈ কামত আগবঢ়া উচিত।

 অতীত বুৰঞ্জীৰ ভেটিত ভৰি দিবৰ সকাম আমাৰ সমূলি নাই যদি আমি তাত ভবিষ্যতৰ সোণৰ কাৰেং ঠিয় কৰিব নোৱাৰোঁ। শ্ৰীশঙ্কৰদেৱো এটা spent-up force হোৱা হলে তেওঁৰ জন্মোৎসৱ পাতি আমি ইয়াত অযথা সময় কটাবলৈ নাহিলোঁহেতেন; কিন্তু যোৱা পাঁচ শ বছৰেও এই মহাপুৰুষ অসমীয়াৰ কাৰণে শক্তিৰ এক অক্ষয় ভঁৰাল হৈ আছে বুলি আগতে উনুকিয়াই অহা হৈছে। ইংৰাজ কবি ৱৰ্ডছৱৰ্থে উনৈশ শতিকাৰ ইংলণ্ডৰ অৱনত সমাজলৈ লক্ষ্য কৰি ধৰ্মপ্ৰাণ পূৰ্বকবি জন মিল্টনক আৱাহন জনাইছিল—

২০