পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৭
কুৰি শতিকালৈ শঙ্কৰদেৱৰ বাণী

বুলি কোনখন মুখেৰে কওঁহঁত? যি মহাপুৰুষীয়া ধৰ্মত দীক্ষিত কেজনমান নিৰস্ত্ৰ লোকেই চাৰি কুৰি বছৰ ধৰি এক প্ৰৱল ৰাজশক্তিৰ থৰ-যুগুতি হেৰুৱাইছিল, আৰু তেনে যি কেইজন প্ৰজাক দমাবলৈকে শেষত দেশৰ স্বাধীনতাক বিপন্ন কৰিও জয়ে জয়ে বিদেশী ইংৰাজ শক্তিৰ শৰণাপন্ন হব লগা হৈছিল, সেই মহাপুৰুষীয়া ধৰ্ম্মই ‘নিৰামিষী’ হবলৈ শিকাই অসমীয়া জাতিৰ পৰাধীনতা আনিলে বুলি আত্মসম্মানৰ দোহাই দি কেনেকৈ কব পাৰোঁহঁত? বুৰঞ্জীয়ে আন- হাতে স্পষ্টকৈ দেখুৱায় যে আৱশ্যক বোধ কৰা হ’লে শিবাজীৰ দৰে এই মতাৱলম্বী লোকসকলেৰেই এটি প্ৰতাপী ৰণুৱা ফৌজ গঠন কৰিব পৰা হলহেতেন। তদুপৰি বৈষ্ণৱ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাতকৈ সেই ধৰ্মক কৰা অপমানেই অসমৰ পৰাধীনতাৰ বাবে নিসন্দেহে ঘাই জগৰীয়া। অসমীয়া জাতিৰ পুনৰুত্থান বাঞ্ছা কৰিলে সেই হীন মনোবৃত্তি আঁতৰ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰতি scrupulous faith উদ্ধাৰ কৰিবই লাগিব।

 অসমৰ বৰ্ত্তমান বিষম দুৰ্দ্দশা। অতীতৰ বিপুল অসম আজি এটা জকাইচুকত পৰিণত হৈছে; অতীতৰ বিৰাট অসমীয়া জাতি হাড়- ছাল ওলোৱা কেইটামান দুৰ্ভগীয়া জীৱৰ সমষ্টি স্বৰূপ হৈ পৰিছে, এইবাবেই অসমৰ ৰাজনৈতিক পৰিস্থিতিও শঙ্কটাপন্ন হৈছে। অসম দেশত অন-অসমীয়াৰ লেখ সৰহ; একালত শ্ৰীহট্টই অসমক গিলিব খোজে, অথচ শ্ৰীহট্টই এৰিলেও অসমৰ শ্ৰী-হত হৈ বৰ্ত্তমান ৰাজ- নৈতিক সম্মান হেৰুৱাই চীফ-কমিশ্যনাৰৰ অধীনৰ এখন নগণ্য প্ৰদেশ হোৱাৰ ভয়! অথচ ইফালে পুৰণি অসমৰ শতপৱিত্ৰ তীৰ্থ, স্বয়ং শঙ্কৰদেৱ-মাধৱদেৱ আৰু দামোদৰদেৱৰ শেষ কৰ্ম্মভূমি আৰু সমাধিস্থান, অসম-গৌৰৱ কোচ ৰজাসকলৰ ৰাজধানী, মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ ক্ৰীড়া আৰু সমাধি-ভূমি কোচ- বেহাৰ আদি এতিয়াও বিজাতিৰ পদদলিত। আত্মসম্মান থকা এটা জাতিৰ পক্ষে ইয়াতকৈ অকীৰ্ত্তিকৰ আৰু লজ্জাজনক কথা কিবা হ’ব পাৰিলেহেতেন নে? কোনো আমৰ্য্যাদা থকা মাতিয়ে এইদৰে