সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কর্মকাণ্ডৰ বিৰুদ্ধে জ্ঞানকাণ্ড

এইবোৰৰ গদ্য আদি পূৰ্বৰ ব্ৰাহ্মণবোৰৰ একে শৰীৰ। কঠ, শ্বেতাশ্বেতৰ, মহানাৰায়ণ, ঈশ, মুণ্ডক আৰু প্ৰশ্ন, এই ছয়খন উপনিষদও বুদ্ধদেৱৰ আগৰ, কিন্তু প্ৰথম ছয়খনৰ কিছু কালৰ পৰবৰ্তী; এই- বোৰৰ ৰচনাও সম্পূৰ্ণ বা প্ৰায়ে পদবন্ধ। এইকেখনে বেদান্তৰ মতকে বুজাইছে যদিও, সাংখ্য আৰু যোগৰ মত সেইবোৰত মিহলি আছে। ইয়াৰ পাছৰ মৈত্ৰায়ণ উপনিষদ কৃষ্ণ যজুৰ্বেদৰ, আৰু মাণ্ডুক্য উপনিষদ অথৰ্ব বেদৰ লগত সম্পৰ্কিত; উত্তৰ-বুদ্ধ যুগৰ হলেও আগৰ বাৰখনেৰে এই চৌধখন উপনিষদ চাৰিবেদৰ লগতেই জড়িত; ইয়াৰ পাছৰবোৰহে স্বাধীন।

 উপনিষদবোৰ সাধাৰণতে বহু দেৱ-দেৱীৰ আৰু ক্ৰিয়া-কাণ্ডৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে; কিন্তু এই বিদ্ৰোহৰ বীজও স্বয়ং ঋক্‌ বেদতে (৭|১০০|৩) আছে। গতিকে যেতিয়া বহু শৰণ আৰু ক্ৰিয়া- কাণ্ডৰ বিৰুদ্ধে সোত প্ৰবল হল, তেতিয়া ঋক্ সংহিতাৰ (১৷১৬৪৷৪৬) মন্ত্ৰ শিৰোগত কৰি “একং সৎ বিপ্ৰ বহুধা বদন্তি, অগ্নিং যমং মাত- বিশ্বানমাহুঃ” (সেই একে সৎবস্তুকে বিপ্ৰবোৰে ইন্দ্ৰ, যম, মাত- বিশ্বা আদি বোলে) বেদৰ বহু-শৰণৰ মন্ত্ৰবোৰৰ এনে এক-শৰণ ব্যাখ্যা চলিবলৈ ধৰিলে। জৰথুস্ত্ৰ ধৰ্ম প্ৰচাৰৰ আগতে এনে “গোজামিল” বা ভুৱা দিয়াৰ চেষ্টা চলিছিল, কিন্তু মজদীয় ধৰ্মীবিলাকে তাক নামানিলে; তেওঁলোকৰ যজ্ঞত তেওঁলোকে কেতিয়াও অগ্নিত আহুতি নিদিয়ে আৰু আন দেৱ-দেৱীৰ নাম নলয়, যদিও তেওঁলোক অগ্নি সূৰ্য্য আদিক ঈশ্বৰৰ অসীম শক্তিৰ এক এক প্ৰকাশ বুলি ভাবে। কিন্তু সৃষ্টিকৰ্ত্তাৰ ইমানবোৰ প্ৰকাশৰ এক বা একাধিককে তেওঁৰ প্ৰতীক বুলি মানিলে অধৰ্মই কৰা হয়, কিয়নো খণ্ড যিমানেই যি হওক সেই অখণ্ডৰ লগত তুলনীয় নহয় বাবেই তেনে কৰা পাপ। গতিকে জৰথুস্ত্ৰৰ দৰেই বাসুদেৱ, বুদ্ধদেৱ, মহাবীৰ প্ৰভৃতি ক্ষত্ৰিয় বীৰ- বিলাকে এনে ক্ৰিয়া-কাণ্ডৰ বিৰুদ্ধে বিদ্ৰোহ চলালে। কম-বাসনাৰ লগত পুনৰ্জন্মৰ সম্বন্ধ বৃহদাৰণ্যক উপনিষদত বিতোপনভাৱে বৰ্ণোৱা