আপুৰুগীয়া অপাৰ্থিৱ ব্ৰহ্মবিদ্যা ক্ষত্ৰিয়সকলৰ দান যে সন্দেহ নাই। চাৰিবেদৰ কৰ্মকাণ্ড যে অসাৰ্থক, আৰু উপনিষদৰ জ্ঞান-কাণ্ডই হে প্ৰকৃত সাৰ্থক, উদ্দালক আৰুণি আৰু তেওঁৰ পুতেক শ্বেতকেতুৰ কাহিনীৰ পৰা সুন্দৰৰূপে প্ৰমাণিত হয়। ইয়াৰ পৰাই আৰু প্ৰমাণিত হয় যে পুৰোহিত জাতিৰ তথাকথিত ধৰ্ম-প্ৰণালীৰ লগত এই চিৰনতুন চিন্তাধাৰা ৰজিতা নোখাৱাৰ বাবেই আৰু এই জ্ঞান-কাণ্ডৰ অবিহনে কৰ্মকাণ্ড বঁজা দেখি সেই জাতিৰ সজ বিবেচক আৰু দূৰদৰ্শীবিলাকে ভাটি বয়সতো এই অভিনব অপাৰ্থিব জ্ঞান ক্ষত্ৰিয় গুৰুৰ চৰণ-তলত লাভ কৰিছিল।
ক্ষত্ৰিয় গুৰুসকলৰ ভিতৰত ৰাজৰ্ষি জনক সুপ্ৰসিদ্ধ আছিল। বিশ্বামিত্ৰৰ দৰেই ৰৈক্ক, জম্মত নহয়, জ্ঞানত ব্ৰাহ্মণ হৈছিল; এওঁ ৰজা জনশ্ৰুতিক ব্ৰহ্মজ্ঞান দান কৰিছিল, ছান্দোগ্য উপনিষদত তাৰ বিৱৰণ পোৱা হয়। ক্ষত্ৰিয় প্ৰবাহনে ব্ৰাহ্মণ গৌতম ঋষিক পুনৰ্জন্ম- তত্ত্বৰ অভিনৱ শিক্ষা দিছিল; আৰু ক্ষত্ৰিয় ৰজা অশ্বপতি কৈকয়ই পাঁচজন শিষ্যক আত্ম-তত্ত্বৰ জ্ঞান দিছিল। “অন্তৰৰো অন্তৰত মোৰ এই আত্মা খুদকণ এটিতকৈও সৰু! অন্তৰৰো অন্তৰত মোৰ এই আত্মা পৃথিবী, আকাশ, স্বৰ্গ, আৰু সদৌ জ্যোতিষ্কতকৈ বৰ। তেওঁতে আছে সদৌ কাৰ্য্য, বাসনা, গন্ধ, স্বাদ; তেৱেই এই অখিল বিশ্ব তেওঁৰ বুকত সুমাই ৰাখিছে। তেওঁ নামাতে নোবোলে; তেওঁ একোলৈকে কেৰেপ নকৰে। মোৰ অন্তৰৰো অন্তৰত থকা এই আত্মাই ব্ৰহ্ম। এই জীৱন ত্যাগ কৰিলে তেওঁৰে সৈতেই মিলিত হ’ম। যি জনে এই জ্ঞান লাভ কৰিছে তেওঁৰ আৰু এই বিষয়ে সন্দেহ নাথাকে। এইদৰে ঘোষণা কৰিছে সান্দিল্যই, সচাকৈয়ে, সান্দিল্যই।” এনেবোৰেই উপনিষদৰ শিক্ষা-প্ৰণালী। প্ৰাচীন ১০৮ খন উপনিষদৰ অতি সৰহ আৰু ঘাইখিনি ক্ষত্ৰিয়ৰ ৰচনা। ঐতেৰীয়, কৌষিতকী, তৈত্তিৰীয়, বৃহদাৰণ্যক, ছান্দোগ্য আৰু কেন, এই প্ৰথম ছয়খন উপনিষদ বুদ্ধদেৱ আৰু পাণিনিৰ পূৰ্বৰ, আৰু .