পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
যুগনায়ক শঙ্কৰদেৱ

আছেঃ “গুণাৰ বনকৰা বা বুটা-তোলাত যেনেকৈ শিপিনীয়ে কিছুমান সূতা উলিয়াই তাৰ পৰাই নৱকৈ আৰু আগতকৈ ধুনীয়াকৈ সুকীয়া চানেকি যুগুত কৰে, তেনেকৈয়ে মানুহে এই দেহ ত্যাগ কৰি অবিদ্যাৰ পৰা উদ্ধাৰ পাই বেলেগ, নতুন, আৰু অধিক সুন্দৰ আধ্যাত্মিক জীৱন লাভ কৰে। তেওঁ (এই জন্মত) যেনেদৰে চলে, (পৰজন্মত) তেনেকুৱাই হয়। নিজ কৰ্ম-বাসনা মতেই মানুহে সংসাৰত গঢ় লয়।”

 ছান্দোগ্য উপনিষদত (৪৷১৪৷৩) আছে, ‘পদুম পাত যেনেকৈ পানীত নিতিতে, আত্মাই ব্ৰহ্ম বুলি বুজাবিলাককো তেনেকৈ পাপে নোছোৱে। পাছত গীতাতো ঠিক এই উপমাকে পোৱা হয়।

 ব্ৰহ্মবিদ্যা ক্ষত্ৰিয়বিলাকৰ অভিনৱ এক স্বত্বীয়া আপুৰুগীয়া সম্পত্তি আছিল; বেদ-বিদ্যাশীল পুৰোহিত শ্ৰেণীয়ে তাক ঢুকি নাপাইছিল. আৰুণি ঋষিৰ পুতেক আৰু শিষ্য শ্বেতকেতু এই বেদ-বিদ্যাত নিপুণ হৈ নিজক সৰ্ববিদ্যা-বিশাৰদ জ্ঞান কৰি তৰ্কত দিগ্বিজয়ী বোলাবৰ অভিসন্ধিৰে প্ৰবাহনৰ পাঞ্চাল ৰাজ্যত সোমাল। প্ৰবাহনে সভাত সাদৰে সুধিলে, ‘ঋষিকুমাৰ, তোমাৰ কি কি বিদ্যা অধীত কৰা হৈছে? ‘মহাৰাজ, ঋষি পিতৃৰ অধীনত মোৰ সৰ্ববিদ্যা আয়ত্ত কৰা হৈছে।’ তেতিয়া ৰজাই জন্ম মৃত্যু আদিৰ ৰহস্য সম্পৰ্কে শ্বেতকেতুক এটা এটাকৈ পাঁচটা প্ৰশ্ন কৰিলে আৰু শ্বেতকেতুৱে তাৰ এটা উত্তৰ দিবলৈও মুখ মেলিব নোৱাৰিলে। লাজে-দুখে জৰ্জৰিত হৈ শ্বেতকেতু ঘৰলৈ উলটি গৈ পিতাকক কলে, আপুনি মোক এনে সৰ্ব-বিদ্যা- বিশাৰদ কৰি পঠিয়ালে নে যে মই ক্ষত্ৰিয় ৰজা প্ৰবাহনৰ পাঁচটা প্ৰশ্নৰ এটাৰ উত্তৰতো মুখ মেলিব নোৱাৰি ৰাজসভাত লাঞ্ছিত হৈ উলটিব লগা হল? পুতেকৰ পৰা প্ৰশ্নকেইটা শুনি আৰুণিয়ে কলে, ‘বৎস? মই নিজে সেই বিষয়ত অজ্ঞ; তোমাক তেনে জ্ঞান কৰ পৰা দিম? ইয়াৰ পাছত পিতা ঋষি নিজে শিষ্যৰূপে প্ৰবাহনৰ কাষত উপস্থিত হলগৈ। প্ৰবাহন বিমোৰত পৰিল; কিয়নো ক্ষত্ৰিয়ৰ এই