পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৩
শঙ্কৰদেৱৰ সৃষ্টি-তত্ত্ব ব্যাখ্যা

(ঘ) তিনি নাড়ী—ইড়া, পিঙ্গলা, সুষুম্না।
(ঙ) ছয় চক্ৰৰ স্থান-গুহ্য, লিঙ্গ, নাভি, হৃদি, তালু, ললাট।
(চ) নৱ দুৱাৰ-২ কাণ, ২ নাক, ২ চকু, ১ মুখ, ১ গুহ, ১ লিঙ্গ।
(ছ) ৫৬ দল-গুহ্যত ৪ + লিঙ্গত ৬+নাভিত ১০+হৃদিত ১৮+ তালুত ১৬+ললাটত ২।
(জ) পঞ্চ মহাভূতৰ শৰীৰী গুণ—> (৫²) বা পঞ্চবিংশতি তত্ত্ব।
(১) আকাশ→কাম, ক্ৰোধ, লোভ, মোহ, লজ্জা।
(২) বায়ু→ধৰা, চলোৱা, পেলোৱা, মেলা, কোঁচোৱা।
(৩) অগ্নি→টোপনি, ভোক, পিয়াহ, ভাগৰ, অলাহ।
(৪) জল→শুক্ৰ, তেজ, মজ্জা, মল, মূত্ৰ।
(৫) পৃথিবী->হাড়, মঙহ, নখ, ছাল, নোম।

 “লক্ষণং সৰ্বং দেহমধ্যে ব্যৱস্থিতম্‌। সাকাৰাশ্চ বিনশ্যন্তি নিৰাকাৰো ন নশ্যতি॥”—

“দেহৰ মহিমা আৱে শুনিয়ো বেকতে।
ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে॥ ১৯৯।
সমস্তে চৌবিশ তত্ত্ব কৰিলা নিৰ্মাণ।
আপোনাৰ ছয়ান্নবৈ আঙ্গুল প্ৰমাণ॥
পিঠিৰ মধ্যত মেৰু মণ্ডল প্ৰকাশ।
উৰ্দ্ধে সূৰ্য্য অধে চন্দ্ৰ বায়ুৰ নিবাস॥ ২০০।
ষোল ষোল গোটা অস্থি পাঞ্জৰত তাৰ।
অধে উৰ্দ্ধে আছে তাৰ নৱ খান দ্বাৰ।
দুই কাণ দুই নাক দুই চক্ষু লেখা।
মুখ-এৰে ওপৰত সাতখান দেখা॥ ২০১।
অধে গুহ্য লিঙ্গ এই নৱ খান দ্বাৰ।
আছে আৰু নাড়ী তাত বাত্তবী হাজাৰ॥
তাহাতো সঞ্চৰি ফুৰে প্ৰাণ-বায়ু দশ।
মাথা কেশ পৰ্য্যন্ত চলন্ত অন্ন-ৰস॥২০২।