সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭২
যুগনায়ক শঙ্কৰদেৱ

ৰসাতলে হুইবে দৈত্য দানৱৰ ভাগ।
পাতালৰ বাসুকী প্ৰমুখ্যে যত নাগ॥
ত্ৰিংস হাজাৰৰ পথ তাহাৰ অধত।
আছন্ত অনন্ত কচ্ছপৰ ওপৰত॥
এহিমতে পাতালক অনুক্ৰমে দেখা।
সাত খণ্ড পৃথিবীৰ আৱে লৈয়ো লেখা॥
জম্বু প্লক্ষ কুশ ক্ৰৌঞ্চ শাক যাৰ নাম।
শাল্মলী পুষ্কৰ দ্বীপ অতি অনুপম॥
আছে সাতো দ্বীপ সাগৰৰ চাৰি কাষে।
সাতখান সাগৰে সাতকো বেঢ়ি আছে॥
এহিমতে ত্ৰিজগত কৰিলা নিৰ্মাণ।••••••

 তাৰ পাছত গুৰুজনে দেহ-তত্ত্বৰ বৰ্ণনা দিছে।

ব্ৰহ্মাণ্ডৰ সপ্ত-পঞ্চ-আদি তত্ত্ব বিৱৰণ

(ক) সাত তল (পাতাল)
১। অতল (ময় দানৱৰ বাস)
২। বিতল (পাৰ্বতী হৰৰ বাস)
৩। সুতল (বলিৰ বাস)
৪। তলাতল (বিশ্বকৰ্মাৰ বাস)
৫। মহাতল (তক্ষকাদি সৰ্পৰ বাস)
৬। ৰসতল (দৈত্য-দানৱৰ বাস)
৭। পাতাল (বাসুকী আদি নাগৰ বাস)

 

(খ) সাত দ্বীপ (পৃথিৱী)
১। জম্বু দ্বীপ
২। প্লক্ষ দ্বীপ
৩। কুশ দ্বীপ
৪। ক্ৰৌঞ্চ দ্বীপ
৫। শাক দ্বীপ
৬। শাল্মলী দ্বীপ
৭। পুষ্কৰ দ্বীপ

 

(গ) সাত লোক (স্বৰ্গ)
১। ভূস্বৰ্গ (কিন্নৰৰ বাস)
২। ভূব সৰ্গ(গন্ধৰ্বৰ বাস)
৩। স্বঃ স্বৰ্গ (ইন্দ্ৰ দিশপালৰ বাস)
৪। মহ স্বৰ্গ (ধ্ৰুব আদিৰ বাস)
৫। জনস্বৰ্গ (মহামুনিৰ বাস)
৬। তপস্বৰ্গ (মহাসিদ্ধৰ বাস)
৭। সত্যস্বৰ্গ (ব্ৰহ্ম, হৰ, বিষ্ণুৰ বাস)