পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
যুগনায়ক শঙ্কৰদেৱ

পৰম তৃপিত হোৱে ইন্দ্ৰিয় সকল।
বাঢ়ি যায় শৰীৰত আতি তেজ-বল॥
নাড়ীৰ মধ্যত তিনি নাড়ী অনুপম।
সুষুম্না পিঙ্গলা ইড়া নাড়ী যাৰ নাম॥২০৩।
সুষুম্না উত্তম আতি তিনিৰো মধ্যত।
যিটো ব্যাপি আছে গৈয়া সূৰ্য্য মণ্ডলত॥
ছয় স্থানে ছয় চক্ৰ আছে শৰীৰত।
গুহ্য লিঙ্গ নাভি হৃদি তালু ললাটত॥২০৪।
চাৰি দল ছয় দল নাভি দশ দল।
আছে অষ্টাদশ পদ্ম হৃদয়-কমল।
তালুত ষোড়শ ললাটত দল দুই।
যোগ শাস্ত্ৰ মতে ছয় চক্ৰ এহি হুই॥ ২০৫।
আছা পৰমাত্মা ৰূপ হৃদয়-কমলে।
শুভাশুভ জীৱক ভুঞ্জান্ত কৰ্মফলে॥
শুনিয়োক আৱে মধ্য দেহ যিটো স্থান।
শৰীৰতে বিচাৰিয়া লৈয়োক প্ৰমাণ॥২০৬।
গুহ্য স্থান হন্তে দুই আঙ্গুল ওপৰে।
অণ্ডকোষ হন্তে দুই আঙ্গুলত পৰে॥
তাকে বুলি মধ্য দেহ অগ্নিৰ নিবাস।
তপ্ত জম্বু নদী যেন সোণাৰ প্ৰকাশ॥ ২০৭।
কোন কোন দশ বায়ু আছে শৰীৰত।
তাহাৰ শুনিয়ো নাম কৰিবোঁ বেকত॥
অধে উৰ্দ্ধে সঞ্চাৰিয়া ফুৰে স্থানে স্থান।
পান অপান ব্যান সমান উদান॥ ২০৮।
নাগ কূৰ্ম কৃকৰ বায়ু অনুপাম।
দেৱদত্ত ধনঞ্জয় এহি দশ নাম॥