পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৮
যুগনায়ক শঙ্কৰদেৱ

বিৰোধ। উপনিষদৰ লক্ষ্য ব্ৰহ্মবিদ্যা আৰু তাৰ আন নাম আত্ম-তত্ত্ব। এই আত্ম-তত্ত্বই শঙ্কৰদেৱৰ লক্ষ্য। আত্ম-তত্ত্ব সুকঠিন; তাক বুজাবৰ বাবেই “তযু (ব্ৰহ্ম) নাভি-কমলত ব্ৰহ্মা ভৈল জাত। যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।”

“পৰম দুৰ্বোধ আত্ম-তত্ত্ব  তাৰ জ্ঞান অৰ্থে হৰি যত,
 লীলা অৱতাৰ ধৰাঁ তুমি কৃপাময়।
তাহাৰ চৰিত্ৰ সুধা-সিন্ধু  তাত ক্ৰীড়া কৰি দীন-বন্ধু
 চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰয়॥”

 “নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ, কৰিলা শ্ৰীশঙ্কৰে”। নিৰ্গুণৰ এই গুণ প্ৰকাশে শঙ্কৰদেৱৰ ভক্তি-ধৰ্মত এক অভিনৱ ৰূপ দিছেঃ

“শুনিতে কৌতুক অনুপম।
ব্ৰহ্মৰ বৰণ মেঘ-শ্যাম॥”—বৰগীত
“কহিতে বিস্ময় বিপৰীত শুনিবাৰ।
কোথা শুনি আছ ভাই ব্ৰহ্মৰ বিহাৰ।
অনুমানে কহে যাক সকল নিগমে।
সেহি হৰি কেলি কৰে গোপ-শিশু সমে।
নিত্য শুদ্ধ বুদ্ধ নিৰঞ্জন নিৰাকাৰ।
শুনিতে কৌতুক বৰ তাহাৰ বিহাৰ॥
যিটো জগতৰ অন্তৰ্য্যামী সৰ্বসাক্ষী।
চাঁদৰ ভূষণ গুঞ্জা মূৰে মৈৰা পাখি॥
যাহাৰ প্ৰকাশে চৰাচৰ প্ৰকাশয়।
গোপ-বেশে আছে দেখ সেহি কৃপাময়॥
আত্মাৰ বিনোদ শুনিবাৰ বিপৰীত।
হৰি-পদে মজি বৌক মাধৱৰ চিত॥”—বৰগীত।

ইয়াৰ তুলনাত ব্ৰহ্মৰ স্বৰূপ কঠিন আৰু নীৰস যেন লাগিবঃ

“মোক্ষকেসে বুলি জানা আত্যন্তিক লয়।
ব্ৰহ্মজ্ঞানী দেখে জগতক ব্ৰহ্মময়॥