বুদ্ধি মন ইন্দ্ৰিয় মহত্ত্ব অহঙ্কাৰ।
ব্ৰহ্মত পৃথক নুহি যতেক সংসাৰ॥
ব্ৰহ্ম ব্যতিৰেক মিছা যত দেখি আন।
জৰীত উপজি যেন আছে সৰ্প-জ্ঞান॥
জাগন সপোন বুদ্ধিৰেসে বৃত্তিচয়।
নানা বিধ দেখা যিটো সৱে মায়াময়॥
ক্ষণেকতে উপজে ক্ষণেকে নাশ হয়।
সমস্ত অৱস্থা যেন তাতে কৰে লয়॥
যেন আকাশত মিলে সংহত মেঘৰ।
ক্ষণেকে থাকিয়া হোৱে ক্ষণেকে অন্তৰ॥
ব্ৰহ্মতো জগত ৰজা জানা সেহি নয়।
উপজিয়া ব্ৰহ্মত ব্ৰহ্মত যায় লয়॥
একে ব্ৰহ্ম আছে সৰ্ব দেহত প্ৰকটে।
যেন এক আকাশ প্ৰত্যেক ঘটে ঘটে॥
জগত সূৰ্য্যক যেন দেখি ভিনে ভিন্।
সেহিমতে জানিবা ব্ৰহ্মতো ভেদ হীন॥
কঙ্কন কুণ্ডল ঘট গঢ়ে হেম-হাৰ।
একে সুৱৰ্ণতে যেন অনেক আকাৰ॥
সেহিমতে এক ব্ৰহ্ম জানা শুদ্ধ সিদ্ধ।
অজ্ঞানত বাক্য বোলে তাক বহুবিধ॥
সূৰ্যৰশ্মি হোৱে যেন মহা মেঘগণ।
সূৰ্য্য অঙ্গ চক্ষুক তথাপি কৰে ছন্ন॥
ব্ৰহ্মৰে স্বৰূপ অহঙ্কাৰ আদি হয়।
ব্ৰহ্ম অংশ জীৱক তথাপি আবৰয়॥
যেন মেঘ গৈলে সূৰ্য্য চক্ষুৱে নিৰেখে।
অহঙ্কাৰ গুচিলে ব্ৰহ্মকো জীৱে দেখে॥
পৃষ্ঠা:Yugnayak Sankardeva.djvu/২৩৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯
শঙ্কৰদেৱৰ একশৰণ নীতিৰ ৰূপ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/bb/Yugnayak_Sankardeva.djvu/page237-946px-Yugnayak_Sankardeva.djvu.jpg)