ভক্তিৰ আৰােপ কৰিবৰ ঠাই আধ্যাত্মিক জগতহে ; আৰু আত্মাৰ
উন্নয়ন বা উৎকর্ষকামী লােকৰ যত্নৰ ঠাই সেই আধ্যাত্মিক ক্ষেত্ৰহে।
গীতাতো কৃষ্ণই সেই অতীন্দ্রিয় ৰূপৰহে ইঙ্গিত কৰিছে।
এই নৱবিধ ভক্তিৰ ভিতৰত “নাম” (কীৰ্ত্তন) বাচি লােৱাত শঙ্কৰদেৱৰ বিচাৰ-বিচক্ষণতা লক্ষ্য কৰিবলগীয়া। কীৰ্ত্তনত (নামত ) শ্ৰৱণ, স্মৰণ, বন্দন—চাৰি বিধ ভক্তি স্বভাৱতে একত্রিত। নামৰ (কীৰ্ত্তনৰ) ভিতৰেদি বিষ্ণুৰ অৰূপৰ যি ৰূপ বা নিৰ্গুণৰ যি গুণ প্রকাশ পায়, যেনে “ধ্যান-বর্ণন", তাতে দাস্য-সখিত্ব ভাব আৰু অৰ্চ্চন, পদ- সেৱন, দেহ-অর্পণ আদি কাৰ্য্য আৰোপিত হব পাৰে, আধ্যাত্মিক উন্নয়নৰ উত্তৰোত্তৰ অৱস্থাত। লৰাই ওমলা মাটিৰ বা কাঠৰ পুতলাত বা শিলৰ মূৰ্ত্তিত, বা অগ্নি-সূৰ্য্যত, বা সাপ-বেঙৰ নিচিনা জীৱত সেই ঐশ্বৰিক ভাব আৰোপ কৰাৰ নিচিনা অন্যায় কৰিলে যেনেকৈ মানুহ মানুহ গুচি সেই সেই অৱস্থালৈ অধঃপতিত হােৱাৰ ভয় থাকে, আধ্যাত্মিক জগতত তাৰ বিপৰীতে নিজ নিজ শক্তি অনুসৰি ক্রমে উচ্চৰ পবা উচ্চতৰ অৱস্থালৈ যাব পাৰে, তললৈ আহিব নােৱাৰে।
শঙ্কৰদেৱে তপ-জপ, তন্ত্র-মন্ত্র আদি অনুপযােগী বুলি বর্জন কৰিছে, তাৰো বিশেষ অর্থ আছে। ওপৰ-চকুৱা বহুত লােকে নাম-কীৰ্ত্তনতো সেই তপ-জপ তন্ত্র-মন্ত্র দেখা পায়, আৰু সেই বাবে তেনে কথা আত্মবিৰােধী বুলি কয়; অৱশ্যে পখীয়ে নিজৰ পাখিৰ শক্তি অনুসাৰেহে উৰিব পাৰে। তন্ত্র-মন্ত্র যিদৰে কৰ্মৰ (ক্রিয়া-কাণ্ডৰ) অন্তর্গত, তপ- জপ সেইদৰে জ্ঞান-পন্থৰ অন্তৰ্গত; কিন্তু নাম-কীৰ্ত্তন তাৰ ওপৰৰ ভক্তি-মাৰ্গৰ ভিতৰুৱা, এয়ে সিবােৰৰ লগত ইয়াৰ স্বর্গ-মর্ত্ত্য প্রভেদ। মনত ৰাখিব লাগিব, “প্রথমে প্রণমাে ব্ৰহ্মৰূপী সনাতন” বুলিয়ে তাৰ পৰা ততালিকে “সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ"ৰ কথালৈ আহিল ; এয়ে কীৰ্ত্তন শাস্ত্ৰৰ, তথা শঙ্কৰদেৱৰ, ধৰ্মৰ গৃঢ় ৰহস্য। ব্ৰহ্ম “সােহহং” উপাসনাৰ কথা, সর্বসাধাৰণৰ বাবে নিতান্ত অনুপযােগী, এইখিনিতেই শঙ্কৰাচাৰ্যৰ লগত শঙ্কৰদেৱৰ এৰা-এৰি, আৰু ব্ৰহ্মবাদীৰ প্ৰতি