পঁচিশ
শঙ্কৰদেৱৰ একশৰণ নীতিৰ স্বৰূপ
“কৃষ্ণসূৰ্য্য ভৈলন্ত উদিত।
নাম-ধৰ্ম কৰিলা বিদিত।”
নাম-ধৰ্মৰ প্ৰচাৰ কৃষ্ণ-দেৱত আৰোপিত হয়, আৰু কৃষ্ণৰ শিক্ষা-দানৰ স্থান গীতা। একশৰণ গীতাৰ মূল বস্তু; আৰু এই একশৰণৰ বাবে নৱবিধ ভক্তিৰ ভিতৰত নাম (কীৰ্ত্তন) শঙ্কৰদেৱে ঘাই উপায় বুলি বাচি দিছে।—
“শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদ-সেৱন।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহ-তৰ্পণ।”
স্থূল আৰু দুষ্ট বুদ্ধিৰ লোকবোৰে এইখিনিতে ভুল কৰি বা ভুল বুজাই কোনো বিশেষ প্ৰাণীত বা ঈশ্বৰে সজা কোনো জীৱত বা মানুহে নিজে সজা মাটি বা কাঠৰ পুতলাত দেহ-অৰ্পণ বা অৰ্চ্চন-পদসেৱন কৰি বিপথগামী হয় আৰু লোককো তেনে অধোগামী কৰায়। জ্যামিতিৰ প্ৰাথমিক ব্যৱহাৰিক জ্ঞানতো খণ্ড অখণ্ডৰ তুল্য হব নোৱাৰে; বিষ্ণু- বৈষ্ণৱৰ অভেদ মাত্ৰ এইখিনিলৈকেহে যে বৈষ্ণৱ বিষ্ণু-ভাবাপন্ন। বেলিক ৰ'দৰ জিলিঙনি একোটাৰ সমান বা এডোঙা পানীক সাগৰৰ সমান পাতিব নোৱাৰি এই সসীম জগততো; কিন্তু যিহেতুকে ৰ'দৰ জিলিঙনি একোটাই বেলিৰ সামান্য আভাস যাচে, গৰু-খোজৰ পানীতো নভোমণ্ডল প্ৰতিবিম্বিত হয়, উপমা খাটে অকল সিমানলৈকেহে; তাৰ সিফালে নহয়। গতিকে এই নৱবিধ বা তাৰ কোনো বিধ