সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৪
যুগনায়ক শঙ্কৰদেৱ

অনন্তৰে নামৰ কীৰ্ত্তন ভক্তে কৈলা।
পতনী প্ৰসাদ নাচ নাচিবে লাগিলা।।
পণ্ডিত ব্ৰাহ্মণ যত আছিলন্ত তথা।
চাহিবাক আইলা সৱে শুনি হেন কথা॥২৭৬৯।
চতুৰ্ভিতি বেঢ়ি চাই আছে নৰ-নাৰী।
ৰাম কৃষ্ণ হৰি নাম লোৱে ডাক পাৰি॥
এহিমতে নাচ যেৱে সাঙ্গ কৰিলন্ত।
নিচুকি ৰহিলা তেৱে সমস্ত ভকত॥ ২৭৯৫।
নাৰায়ণে বিত্তসৱ কুঞ্চে ভৰি লৈলা।
মাধৱে আপুন হাতে দক্ষিণা কৰিলা॥
প্ৰথমে দিলন্ত গুৰু শঙ্কৰদেৱক।
তাত পাছে দিলা ৰাম ৰাম ভকতক॥ ২৭৯৬।
পণ্ডিত ব্ৰাহ্মণে যত ভক্ত নিৰন্তৰ।
দক্ষিণায় তুষিলন্ত মন সমস্তৰ॥২৭৯৭।

এই দুই মৃত্যু-তিথিৰ দৰেই শঙ্কৰদেৱৰ বৰ-পো ৰামানন্দৰ বিয়া ভক্ত- বৈষ্ণৱৰ উপযুক্ত-অভিনৱৰূপে হোৱাৰ আভাস প্ৰায় সমসাময়িক ৰামচৰণৰ বৰ্ণনাৰ পৰা পোৱা হয়ঃ

“বিবাহ উৎসৱ শুনি শঙ্কৰৰ ঘৰে।
ৰঙ্গ চাহিবাক আইল লোক নিৰন্তৰে॥ ২৯০৮
ভকতে আনন্দ কৰি হৰি-গুণ গাই।
তালে-খোলে ৰঙ্গে সৱে নটুৱা নচায়॥
লোকৰ কৌতুক বৰ উৎসৱ মিলিল।
কৰে টলবল সভা লোকৰ হিন্দোল॥২৯০৯।
ঘনে ঘনে ভক্তসৱে হৰিধ্বনি কৰে।
প্ৰেমত আকুল হিয়া আনন্দে নধৰে॥২৯১০।