পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
গুৰু-চৰিতৰ পোহৰত শঙ্কৰী ধর্ম-নীতি


নামৰ কীৰ্ত্তন কৰে ভক্ত নিৰন্তৰ।
মহা মণ্ডলত বসি আছন্ত শঙ্কৰ॥ ২৯১১।
আমডালি দিয়া ঘট চতুৰ্পাশে থৈলা।
ধূপ-দীপ লগাই তৈত কৃষ্ণক পূজিলা॥২৯১৩।
ভকতকে ভুঞ্জাইলা বস্ত্ৰ গাৱে গাৱে দিলা।
হৰিৰ কীৰ্ত্তন কৰি আনন্দে থাকিলা॥২৯১৭।