পৃষ্ঠা:Yugnayak Sankardeva.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৩
গুৰু-চৰিতৰ পােহৰত শঙ্কৰী ধর্ম-নীতি

 ৰামচৰণৰ মতে, শঙ্কৰদেৱৰ পত্নী-বিয়োগ মাধৱদেৱৰ মাতৃবিয়োগ প্ৰভৃতি কাহিনীঃ

“শুনা সভাসদ ইটো কথা সাৱধানে।
শঙ্কৰৰ পত্নী যিটো মৰিলন্ত প্ৰাণে॥
দাহ কৰিবাক লাগি চৌদলত তুলি।
বনগঞা কেতাই লৈয়া যাহান্ত সমূলি॥১৭৬৫।
ঘৃত-চুৱা চন্দনক লৈয়া লড়িলন্ত।
লৌহিত্যৰ তীৰে যাই চিতা সজাইলন্ত॥
বহুতৰ লোকে হৰি-কীৰ্ত্তনক গাই।
মুখ-অগ্নি দিলা ৰামৰামে বিধি চাই॥” ১৭৬৬।
“মাধৱদেৱৰ মাতৃ পৰলোক গৈলা।
ৰামদাস সমে দুয়ো কান্ধে তুলি লৈলা।
কপলা বিলৰ তীৰে চিতাক সাজিলা।
চতুৰ্ভিতি ভক্তসৱে নামক ধৰিলা॥” ২৪৭০।
“গুৰু সমে হেন কথা আলচ কৰিলোঁ।
দক্ষিণাৰ কথা সৱে পাছ কৰি থৈলোঁ। ২৭৫৩।
কৃষ্ণৰ কীৰ্ত্তন কৰি নামক গোৱাইবোঁ।
দুয়ো কাৰ্য্য সিদ্ধ হৈব দক্ষিণা কৰিবোঁ॥” ২৭৫৪।
“শ্ৰাদ্ধৰ নিমিত্তে মাধৱ কৈলা মহোৎসৱ।
হেন কথা কহোঁ শুনা কৰিয়া উৎসৱ॥
গুৰু-ভকতৰ সৱে আজ্ঞা লৈলা মাগি।
যতন কৰিলা হৰি-কীৰ্ত্তনক লাগি॥ ২৭৮৫।
কৃষ্ণৰ কীৰ্ত্তন গাইলা ভকতে হৰিষে।
শুনন্তে কৰ্ণত যেন অমৃত বৰিষে॥
সমস্ত লোকৰ দেখি হৰিব মিলিলা।
( ক্ষেত্ৰি ) বিলাত লোকে হৰি-কীৰ্ত্তন চাহিলা॥ ২৭৮৮।