বিয়াস কলাই আসে দেখিয়া শঙ্কৰ।
মহাপাপী বুলি মুখ কৰিলা পাঞ্জৰ॥ ৬৭৮।
কৃষ্ণক ভজিয়া আন দেৱক পূজয়।
আছছা তাক মাতিবে চাহিবে নলাগয়॥ ৬৮১।
বিয়াসকলাই ঠাই নপাই শঙ্কৰত।
জগন্নাথ ক্ষেত্ৰ গৈলা আলোচি মনত॥ ৬৯।
তিনি প্ৰহৰৰ পথ আছয় পাইবাক।
কৰিলেক আসিয়া পাণ্ডাই মানা তাক॥ ৬৯১।
ভিতৰক যাইতে জগন্নাথ দেখিবাৰ।
একো নেদেখয় দেখে ঘোৰ অন্ধকাৰ॥ ৬৯২।
কয়-দিন থাকি পুনু গৃহক চলিল।
তিনি দিন পথ আসি তহিতে মৰিল॥ ৬৯৫।
যি পথে মৰিল জানা বিয়াসকলাই।
সি পথে আজিয়ো আৰ মনুষ্য নজায়॥” ৬৯৬। দৈত্যাৰি।
শিৱকে আদি কৰি আন দেৱী-দেৱৰ সেৱাৰ বিৰুদ্ধে শঙ্কৰদেৱৰ এই সুপ্ৰসিদ্ধ উদাহৰণীয় শান্তি-বিধানৰ সত্ত্বেও যি ভাবিব খোজে বোলে শঙ্কৰদেৱে কোনো আকস্মিক কাৰণত আন দেৱী-দেৱৰ সেৱাত অনুমতি দিছিল বা নিজে তেনে কৰিছিল, তাক বুদ্ধি-বিপৰ্য্যয়ৰ নমুনা বুলি ধৰিব লাগিব নিশ্চয়। ইয়াৰ লগতে আমি এইটো কথাও পাহৰিব নোৱাৰোঁ।—সমাজ দঁড়িৰ উপৰিও ৰাজদঁড়িত সেই কালত কোনো নতুন সংস্কাৰ অতি সাৱধানে আৰু ভালদৰে চাই-চিতি কৰিব লগা হৈছিলঃ এই বাবেই বিবেকৰ দঁড়িত ৰজাক সেৱা কৰিব নোৱৰা মায়ামৰা বৈষ্ণৱে পাৰিতপক্ষে ৰজাঘৰীয়া চিকমিকোৱা তৰোৱালত ডিঙি নঘহাঁবলৈ উপায় চিন্তি ৰাজ-আগমনৰ মুহূৰ্ত্তত ইজন বৈষ্ণৱে সিজন বৈষ্ণৱৰ ফালে শ্ৰদ্ধা জনাই দেখুৱাইছিল। গতিকে ইবা শত বছৰ জুৰি হোৱা বৈষ্ণৱ নিৰ্য্যাতনৰ কথা সুঁৱৰি, আমি বাহিৰৰ সকলো ৰূপকে সচা বুলি নধৰি তাৎপৰ্য্য গ্ৰহণ কৰিবলৈ চাব লাগিব।