অনন্তৰে গৃহক লাগিয়া পঠাই দিলা।
অন্যায় চিন্তিয়া দ্বিজে মানক বঢ়াইলা॥২৪২৮।
আহোম ৰজাৰ ওচৰত এই বিচাৰ এনেদৰে শেষ হোৱাত আকৌ কোচ ৰজাৰ কাষত সেই একেদৰেই গোচৰ আৰম্ভ হ’লঃ
“ৰজাৰ আগত খল দিলে বিপ্ৰলোক॥
সমস্ত ৰাজ্যক নষ্ট কৰিলে শঙ্কৰ।
শূদ্ৰ হুয়া নমস্কাৰ লৱে ব্ৰাহ্মণৰ॥ ৭৪৯।
পিতৃৰ গৃহত পুত্ৰে নকৰে ভোজন।
বোলে নতু লস তই হৰিত শৰণ॥ ৭৫০।
কৈৱৰ্ত্ত কলিতা কোচ ব্ৰাহ্মণ সমস্ত।
একেলগে খায় দুধ চিড়া কল যত॥ ৭৫১।
হেন শুনি নৃপতিৰ ভৈল কোপ মন।
মহা ক্ৰোধ কৰি ৰাজা বোলয় বচন॥৭৫২।
হেনয় অনীতি যিটো বাজ্যে প্ৰৱৰ্ত্তয়।
ছত্ৰভঙ্গ ৰাজাৰ প্ৰজাৰ দুঃখ হয়॥
'চাৰি গৰমালি যাই আন শঙ্কৰক।
অনাচাৰ কৰি নষ্ট কৰিলে ৰাজ্যক॥৭৫৩।
ৰাজা বোলে কিবা বণ্টা দিবোঁ শঙ্কৰক।
শঙ্কৰে বোলন্ত কটা আছে যোগ্য মোক॥৭৮৯।
যিটো খল গুলা দিয়া আছে বিপ্ৰলোক।
সৱে বণ্টা হুই যদি তাক বুঝিয়োক॥ ৭৯০।
ৰাজা বোলে মনত আছিল মোৰ দুখ।
তেখনে গুচিল সৱে দেখি তযু মুখ॥
আজি যায়ো বাসা কালি প্ৰভাতে আসিবাঁ।
বুঝিবোঁ ব্ৰাহ্মণ সৱে কাহি আছে যিবা॥ ৭৯১।
আউৰ দিনা প্ৰভাতে শঙ্কৰদেৱ গৈলা।
চন্দন চৌৰাত আসি ৰাজায়ো বসিলা॥