পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১০
যুগনায়ক শঙ্কৰদেৱ

ব্ৰাহ্মণসৱক তৈকে লাগি অনাইলেক।
শঙ্কৰ সহিতে ৰাজা বাদ কৰাইলেক॥ ৭৯৫।
যত খল দি আছিল সৱে মিছা ভৈল।
অন্যোঅন্যে সৱে বাদ কৰাইবাক লৈল॥
ব্ৰাহ্মণসকলে শ্লোক গোটেক পঢ়ন্ত।
সৰসৰি দশোটাও শঙ্কৰে তোলন্ত॥ ৭৯৬।
দেখি বিশুৰুতি ভৈল সকল ব্ৰাহ্মণ।
থকবক কৰে মুখে নাসয় বচন॥
নপাৰিলা বাদে শঙ্কৰক বিপ্ৰগণে।
দেখিয়া হৰিষ ভৈলা নৃপতিৰ মনে॥ ৭৯৭।
পাছে নৰ-নাৰায়ণ ৰাজা বুলিলেক।
আঠ গোটা শ্লোক মই কৰিছোঁ প্ৰত্যেক॥
প্ৰতি প্ৰতি শ্লোক জোড়া আঠ আঠ হয়।
আঠো জোড়া যুড়িবাক কেহো নপাৰয়। ৭৯৮।
দুই তিনি চাৰি জোড়া যোড়য় মাত্ৰকে।
সেহি আঠো শ্লোক তুমি যুড়িয়ো প্ৰত্যেকে॥ ৭৯৯।
( শঙ্কৰে ) যুড়িবে লাগিলা শ্লোক ৰাজাৰ আগত।
সম্যকে অমৃত যেন বৰিষে মনত॥ ৮০১।
আঠ জোড়া নলাগে অধিক পাৰা তুমি।
ভাল ভাল সকলে কথা বুঝোঁ আমি॥
এহি বুলি সোণাৰ পাকৰা দিয়া এক।
শঙ্কৰদেৱক ৰাজা দগলা দিলেক॥ ৮০৫।
আনো নানা বিধ বঁটা দিল বহুতৰ।
সাকুত স্বভাৱে বোলে শুনিয়ো শঙ্কৰ॥
নিতে আগ বেলা মোৰ থানক আসিবা।
বন্ধুৰ থানত পাছ বেলাত থাকিবা॥ ৮০৬।