সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮
যুগনায়ক শঙ্কৰদেৱ

দুৱাৰাক বোলে কথা পুছ শঙ্কৰত।
ৰাজ্য নষ্ট কৰিলেক কহে দ্বিজ যত॥
দুৱাৰা আসিয়া পুছিলেক শঙ্কৰক।
বোলয় শঙ্কৰ পুছা ব্ৰাহ্মণসৱক॥ ২৪২২।
কেনমতে মোত হন্তে ৰাজ্য নষ্ট হয়।
শুনি দ্বিজসকলক দুৱাৰা বোলয়॥
শুনিয়ো ব্ৰাহ্মণ সৱ কহিয়োক নিষ্ঠ।
কেন মতে শঙ্কৰে ৰাজ্যক কৰে নষ্ট॥২৪২৩।
দ্বিজগণে বোলয় শঙ্কৰে দেই হাক।
সমস্ত লোকক শ্ৰাদ্ধ বিধি কৰিবাক॥
এহি কথা দুৱাৰায়ে ৰাজাত কহিলা।
শ্ৰাদ্ধ কাক বোলে বুলি ৰাজায়ে পুছিলা৷ ২৪২৪।
দুৱাৰা বোলয় মৰাক বঢ়াৱে যত যত।
গুৱা-পাণ দুগ্ধ-চাউল কল আৰ বস্ত্ৰ॥
তাক নিয়া সৱ পাছে ব্ৰাহ্মণে ভুঞ্জয়।
শ্ৰাদ্ধ বুলি ব্ৰাহ্মণসকলে তাক কয়॥ ২৪২৫।
শুনিয়া অসম ৰাজা ভৈলা কোপ মন।
মৰাক বঢ়ায়া চাউল কৰয় ভোজন॥
কাউৰৰ কায়া সম দুইবে নুযুৱায়।
শঙ্কৰে কৰিবে কাম ভালেতো নেদয়॥ ২৪২৬।
মৰাৰ চাউল নপাইয়া শঙ্কৰক।
বোলে কৰিলেক নষ্ট সমস্ত লোকক॥
খেদাউ চাঙ্গৰ পৰা কোবাই এখনে।
হেন শুনি নামিল আপুনি দ্বিজগণে॥২৪২৭।
লাজ হুয়া সমস্তে গৃহক লাগি গৈল।
শঙ্কৰক আসাম ৰায়ে প্ৰশংসিল॥