পৃষ্ঠা:Yugnayak Sankardeva.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেইশ

গুৰু-চৰিতৰ পোহৰত শঙ্কৰী ধৰ্ম-নীতি

গুৰু-চৰিতবোৰৰ কিছুমান কথা নিশ্চয় ঐতিহাসিক আৰু কিছুমান ধাৰ্মিক কিম্বদন্তীমূলক; এই পিছৰ শ্ৰেণীৰ কথাবোৰ চালনিৰে চালি কুলাৰে জাৰি লব লাগিব। এই প্ৰসঙ্গত আমাৰ চালনি হ'ল আন আন চৰিত আৰু শঙ্কৰদেৱ-মাধৱদেৱৰ ৰচিত মূল পুথিকেখন; আৰু কুলা হ’ল নিজ বুদ্ধি-বিচাৰ। আমাৰ নিজ নিৰ্দ্ধাৰিত নীতি অনুসাৰে পোনতে ৰামচৰণৰ গুৰু-চৰিতকে ধৰা হওক: শঙ্কৰদেৱ উজনি অসমৰ ধূঞাহাট বেলগুৰিত চৌধ বছৰ থকা আৰু তাতে মাধৱদেৱৰ লগত মিলন হোৱা কথা যেনে সৰ্ববাদীসম্মত, তাতে হৰি জোঁৱাই কটা যোৱা আৰু কৰ্মকাণ্ডী বিপ্ৰদলে দিয়া গোচৰ মতে আহোম ৰজাৰ কাষত সেই গোচৰৰ বিচাৰ হোৱা কথাও তেনে সৰ্ববাদী- সন্মতঃ-

“গৃহ-বাৰী লৈয়া পুনু শঙ্কৰ আছন্ত।
ভকত সকল সমে কীৰ্ত্তন কৰন্ত॥
মাধৱ সহিতে তথা আছন্ত শঙ্কৰ।
সেহি থানে ৰহি গৈলা চৌধয় বৎসৰ॥ ২৪১৯।
অনন্তৰে যেন ভৈল তাক শুনিয়োক।
অসম ৰজাত খল দিলে বিপ্ৰলোক॥
শূদ্ৰ এক গোটা নামে শঙ্কৰ আছয়।
শ্ৰাদ্ধ বিধি কৰিবাক লোক নেদয়॥২৪২০।
পাষণ্ড আচাৰে লোক নষ্ট কৰিলেক।
নিৰন্তৰ লোকে স্বধৰ্মক এড়িলেক॥
হেন শুনি ৰাজা শঙ্কৰক নিয়াইলেক।
দ্বিগণ সমে তাৰ চাঙ্গে তুলিলেক॥২৪২১।