পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পতি

চৈতন্যৰ মোহ নাই বুজিবাঁ নিশ্চয়।
জড়ৰেসে মোহ-ভ্ৰম জানা অবশ্যই॥ ১৬১৩।
শুনি বিৰু কাৰ্যী ক্ৰোধ কৰিয়া বোলয়।
মহেশক জড় বোলা তোৰ সমস্তই।
কৰিলা সমস্ত ৰাজ্য নষ্ট তুমিসৱে।
তোৰাক ৰাজ্যৰ পৰা লাগে খেদাইবে। ১৬১৪।
আনো নানা বীৰো ক্ৰোধ কৰিয়া বোলয়।
তোমাৰ কথায় শম্ভু ঈশ্বৰ নোহয়॥
মহেশ ঈশ্বৰ হোন্ত মাধৱে কহন্ত।
তথাপিতো স্বতন্ত্ৰ ঈশ্বৰ নুহিকন্ত॥ ১৬১৫।
পুনৰপি বিৰু মাধৱত পুছিলন্ত।
মোক্ষ দিবে মহেশে পাৰন্ত নপাৰন্ত॥
মাধৱে বোলন্ত মোক্ষ দিবে নপাৰন্ত।
মুকুতিৰ অধিকাৰ মহেশ নোহন্ত॥১৬১৬।
বিষ্ণুৰেসে জানা মোক্ষ দিবে অধিকাৰ।
বিষ্ণু বিনে মোক্ষ-দাতা নাহিকয় আৰ॥১৬১৭।
শুনি বিৰু কাৰ্যী মুণ্ড ঝঙ্কাৰি ঝঙ্কাৰি।
বুলিবে লাগিলা মাধৱক ক্ৰোধ কৰি॥১৬২১।
একে দ্বিজগণে মাধৱক নসহয়।
আৰো বল পায়া বিৰু কাৰ্যীত নিশ্চয়॥ ১৬২২।
ব্ৰাহ্মণসৱৰ বাক্য মাধৱে শুনিয়া।
বুলিবে লাগিলা বিৰু কাৰ্যীক চাহিয়া॥ ১৬২৪।
নৃপতি থাকন্তে তুমি নপাৰা খেদাইবে। ১৬২৫।
নানা শাস্ত্ৰ দেখাই সৱে বাদ কৰিলন্ত।
নপাৰোঁ আমৰা বিপ্ৰসৱে জানিলন্ত॥ ১৬২৬।
মাধৱদেৱৰ বায়ু উঠিবাক দেখি।
আগ ভৈলা ৰামচৰ্ণ খানিকো নাপেক্ষি॥ ১৬২৭।