পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯০
যুগনায়ক শঙ্কৰদেৱ


মাধৱদেৱক ঢাকি দিলন্ত উত্তৰ।
শুনি মনে বিস্ময় মিলিল ব্ৰাহ্মণৰ।
অনন্তৰে বিপ্ৰগণ নিজম পৰিল। ১৬২৮।
অনন্তৰে কাযীয়ে বিদায় তাঙ্ক দিল॥ ১৬২১।
হাতে ধৰি বোলয় মাধৱ শুনিয়োক।
এখানি কাৰ্য্যক বোলোঁ তাক কহিয়োক॥ ১৬৩০।
এইখানি তাৰা দেখে তোৰাৰ দূষণ।
মাধৱে বোলন্ত নুবুলিবা ই বচন॥
ই মত শাস্তিক তুমি নপাৰা কৰিবে।
গোড় হন্তে মুখ লাগি মোট কাঢ়া যেৱে॥১৬৩১।
শুনি বিৰু কাৰ্যী পাছে অসন্তোষ মনে।
মাধৱক পঠাই গৈলা আপোন ভৱনে॥” ১৬৩৩।

ৰামচৰণৰ ৰচিত এই গুৰু-চৰিত যে নিজ চকুৰে দেখা সাক্ষী ৰূপে গণ্য তাত সন্দেহ নাই; মাধৱদেৱৰ লগত এওঁৰ সম্বন্ধৰ বিষয়ে দ্বিতীয় গুৰুচৰিত-লেখক দৈত্যাৰি ঠাকুৰে স্পষ্ট লিখিছেঃ

মাধৱদেৱৰ বহিনাই ৰামদাস।
আছা এক চতালে দুই হন্তো কৰি বাস॥
ৰামদাস-সূত ৰামচৰণ নিশ্চয়।
মাধৱদেৱৰ তেও ভাগিন হোৱয়॥১৯৪১।
পঢ়াইলা মাধৱদেৱে ৰামচৰণক।
পাৰিলা পঢ়িবে ভাল পদ-পয়াৰক॥৯৫০।
ৰত্নাৱলী ৰত্নাকৰ আদি গ্ৰন্থ যত।
কয়লি-কৃত্য ভৈল আন শাস্ত্ৰ পাৰ্গত॥
শিখাইলন্ত কায়স্থিকা বৃত্তি সমস্তয়।
অদভূত লেখক ভৈলন্ত মহাশয়॥ ৯৫১।
শুনা পাছে যেন ৰামচৰ্ণে কৰিলন্ত। ৯৫৮।