পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
যুগনায়ক শঙ্কৰদেৱ

“আক-এৰে” (যেনে, হাত এৰে=হাতেৰে) অৰ্থাৎ হোম ব্ৰত তীৰ্থ- স্নান আদিৰে, যি নামক সমান পাতে সি মৰি কিমান যে যাতনা তুঞ্জিব তাৰ লেখ-জোখ নাই; ইয়াক বিকৃত কৰিবৰ বাবে আক- এৰে”ৰ ঠাইত “আক এৰি” অৰ্থাৎ হোম-ব্ৰত নকৰি যি নাম লয় (যদিও অৰ্থ কোনোমতে সঙ্গত নহয়) এনে বিপৰীত ভাব বুজাবৰ অপচেষ্টা কৰিছে। সেই অধ্যায়তে আকৌ,—

“গুণ নাম যত বিষ্ণু শিৱৰ।
তাক ভিন্ন বুদ্ধি কৰে যি নৰ॥
নামৰ সিয়ো মহা অপৰাধী।
নৰকত পৰে দৈবে নবাধি॥” ৪৯।

শিৱক পৰম বিষ্ণুভক্তৰূপে “কীৰ্ত্তন"ৰ “হৰমোহন” আৰু নানা বৈষ্ণৱ শাস্ত্ৰৰ নানা ঠাইত বিতোপনভাৱে বৰ্ণনা কৰিছে; ভগৱন্ত আৰু তেওঁৰ ভক্তৰ ভেদ নাই, এই ভাবকে ইয়াত প্ৰকাশ কৰিছে অতি সঙ্গতিপূৰ্ণভাৱে। কিন্তু ইয়াক বিকৃত কৰি ভক্তি-বিৰোধীবোৰে বুজাব খোজে যে শিৱক বিষ্ণুৰ সমানে মানিব লাগে; যদিও তেনে অদ্ভুত উক্তি কোনো যুক্তিয়ে সমৰ্থন নকৰে। শঙ্কৰদেৱ-বিৰোধী এনেবোৰ লোকৰ উচটনিতে এক “বঙ্গদেশী মাধৱ"ক শিখণ্ডি কৰি বিৰুকাৰ্য্যৰ দুষ্ট পৰিচালনাত কোচ ৰাজ্যত মাধৱদেৱৰ লগত তৰ্ক হৈছিল:

"..........কহিয়োক এতিক্ষণ।
মহেশক বোলা তুমি জড় কি চৈতন্য॥
গুণৰ ভিতৰ শম্ভু মাধৱে কহন্ত।
এতেকে জানিবা জড়, চৈতন্য নোহন্ত॥ ১৬১১।
যেৱেসে চৈতন্য হোন্ত স্ত্ৰী ৰূপ ধৰি।
তেৱে কিয় মহেশক মুহিলন্ত হৰি॥ ১৬১২।
আৰো বকাসুৰক আপুনি বৰ দিলা।
পুনু তাকে ভয়ে পলাই ত্ৰৈলোক্য ভ্ৰমিলা॥