পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পদ্ধতি

সুমুৱাই দিছে; শঙ্কৰদেৱৰ ৰচনাৰ মাহাত্ম্য-বৰ্জিত এই পদখিনি “কীৰ্ত্তন”ত সুমুৱাই দিয়াত এই ব্যৱসায়ীজীৱীবিলাকৰ যি দুৰাভি- সন্ধিয়েই থাওক সি নিন্দনীয় নিশ্চয়। স্বৰূপতে “কীৰ্ত্তন”ৰ ভিতৰৰ বস্তু হোৱা হলে ই কেতিয়াও ইমান দিন এওঁলোকলৈ বাট চাই নাথাকিলহেতেন। ইয়াৰ বাহিৰেও "ৰাম-মালিকা” আদি শঙ্কৰ- দেৱৰ নামত আৰু “আদি-চৰিত” আদি মাধৱদেৱৰ নামত লিখি কোনো কোনো লোকে নিজ নীচ স্বাৰ্থসিদ্ধিৰ উপায় কৰিছিল; শঙ্কৰদেৱ মাধৱদেৱৰ পুথিৰ শাৰীৰ পৰা সেইবোৰ বৰ্জনীয় নিশ্চয়।

 মূলপুথিৰ ভিতৰত “দশম” “ৰত্নাৱলী” আদি পদ-ভাঙনি, “ভক্তি-ৰত্নাকৰ" সাৰ-সংগ্ৰহ আৰু "ঘোষা”ৰ সৰহখিনি পদ-ভাঙনি: এইবোৰৰ সকলো কথাই গুৰুজনাৰ ধৰ্ম-মত বুলিলে যেনেকৈ ৰাস- ক্ৰীড়া হৰমোহন আদি কাৰ্য্যও কৰণীয় বোলাৰ নিচিনা মাৰাত্মক ভুল কৰা হয়, তেনেকৈয়ে প্ৰসঙ্গ-বৰ্জিতভাৱে “ভক্তি-ৰত্নাকৰ” “ঘোষা” আদি ব্যৱহাৰ কৰিলে সি সচাকৈয়ে ভূতৰ মুখত ৰাম-নামৰ দৰেই হয়। উদাহৰণৰূপে, “মাধৱে বোল শ্ৰুতি-স্মৃতি, মোৰ আজ্ঞা- বাণী জানা নিষ্ঠ” ঘোষাটি সংস্কৃতৰ ভাঙনি; ইয়াত যে বেদৰ শ্ৰতি প্ৰস্থান উপনিষদসমূহ আৰু স্মৃতি-প্ৰস্থান গীতাৰহে ইঙ্গিত কৰিছে, অৰ্বাচীন সঙ্কীৰ্ণতা-দুষ্ট স্মৃতি বোলা ৰচনাবোৰ মাধৱে (কৃষ্ণই) ঘূৰি আহি আজ্ঞা দি যোৱা হব নোৱাৰে, শাস্ত্ৰ-ইতিহাসৰ এইখিনি জ্ঞান নোহোৱাকৈ অজ্ঞানে বা 'বে-জ্ঞানে’ তেনে ব্যাখ্যা দিবলৈ যোৱা ধৰ্ম-নিন্দা-বা অধৰমী কাৰ্য্য নিশ্চয়।

 ব্যৱসায়ৰ বাহিৰেও ধৰ্ম-হিংসাত্মক ভাবৰ পৰা হপোৱা “কীৰ্ত্তন” আদিত অনেক শব্দও নিৰ্ল্লজ্জভাৱে ভেজাল কৰা হৈছে; যেনে,

"ধৰ্ম হোম ব্ৰত তীৰ্থত স্থান।
যতেক আছে মহা যজ্ঞ দান॥
আৰু-এবে কৰে নামৰ সৰি।
কতনো যাতনা ভুঞ্জিবে মৰি॥" নামাপৰাধ, ৫৩।