পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
যুগনায়ক শঙ্কৰদেৱ

 “(মধ্যযুগৰ) সেই ঘোপমৰা আন্ধাৰতে শুনিবলৈ পোৱা হ'ল নৱজন্মৰ ফেহুজালি; (জ্ঞান) এই নৱজন্মৰ আন্দোলনে মধ্যযুগৰ আন্ধাৰ তথা আত্মাৰ নাগ-পাশ বন্ধনৰ বিৰুদ্ধে ধৰ্মযুদ্ধ (ক্ৰুছেড্) আৰম্ভ কৰিলে। মানৱ শৰীৰ অনিত্য সচা, সংসাৰেই অনিত্য; কিন্তু অনিত্যক পাবলৈ বা ভৱ-সাগৰ তৰিবলৈ ইয়াতকৈ ভাল তৰণী নাই। ইন্দ্ৰিয়সমূহ লাগতিয়াল কিন্তু বিশ্বাসঘাতক লগুৱা সচা, এতেকে সাৱধানে সিহঁতক সজ কামত সততে লগাই থ'ব লাগে যাতে আমি পাছত তাৰ বাবে অনুতাপ কৰিবলগা নহয়—“নকৰিলোঁ‌ শিৰে মাধৱক নমস্কাৰ। ইটো মাথা গোট মোৰ ভৈল মহাভাৰ।” ইত্যাদি। এয়ে আত্মাৰ মুক্তিৰ বাবে (জ্ঞানৰ) নৱজন্ম আন্দোলনৰ অভিনৱ পন্থা।

 একে বানপানীয়েই নৈক নৈ, খালক খাল, পুখুৰীক পুখুৰী আৰু বিলক বিলৰূপে পৰিপূৰ্ণ কৰে; একে নৱজন্মৰ আন্দোলনেই সেইদৰে সুকীয়া জাতিৰ সুকীয়াৰূপে নিজ অভীষ্ট আৰু বৈশিষ্ট্য পূৰণ কৰি দিলে। ইউৰপীয় নৱজন্মৰ আবিৰ্ভাৱ হ’ল গ্ৰীছ আৰু ৰ'মৰ পুৰণি সাহিত্য-কলা আদিৰ পৰা, আৰু ভাৰতীয় নৱজন্মই পাশ্চাত্য পুৰাণৰ ফীনিক্স্ চৰাইৰ দৰে মৰি নিজ অসমৰ পৰা অৰ্থাৎ গীতা-উপনিষদৰ মৰ্মৰ পৰাই নৱ-বৈষ্ণৱ ধৰ্মৰ ৰূপ ললে। আকৌ ইউৰপতেই ইংলণ্ড জাৰ্মাণী প্ৰভৃতি দেশে এই নৱ-জন্ম আন্দোলনক গঢ় দিলে ধৰ্ম-নীতিৰ ভিতৰেদি; কিন্তু ফ্ৰাঞ্চে গ্ৰীছ্ ইটালি আদিৰ দৰেই ইয়াক ৰূপ দিলে ইন্দ্ৰিয়ালুতা তথা কলা-সৌন্দৰ্যৰ মাজেদি। কিন্তু এই ইন্দ্ৰিয়ালুতা ইন্দ্ৰিয়-সেৱাৰ কথাৰ নিচিনা বুলি ভাবিলে হব; ইয়াৰ গুৰিত থকা নৈতিক দৰ্শন এনে: দেহ আত্মাৰ মন্দিৰ, আৰু আত্মাৰ দৰেই ইয়াক পৱিত্ৰভাৱে ৰাখিব লাগে। ভাৰতবৰ্ষতো আকৌ তেনেকৈ এই অসমে, ইংলণ্ড জাৰ্মানী আদিৰ দৰে গীতা-ভাগৱতৰ ধৰ্ম (নীতি) নিৰহ-নিপানী দাস্য ধৰ্মৰূপে গ্ৰহণ কৰিলে; আৰু বঙ্গই ফ্ৰাঞ্চ, আদিৰ নিচিনাকৈ তাক ন ন মছলাৰে সুগন্ধি কৰি ৰাধা-যুক্ত “মধুৰ” ধৰ্ম-ৰূপে ল'লে। ই জাতীয় স্বভাৱৰ গুণ নিশ্চয়।"

-নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ১৯৬৫