একৈশ
শঙ্কৰদেৱৰ ধৰ্মৰ বিচাৰ-পদ্ধতি
শঙ্কৰদেৱৰ ধৰ্মশিক্ষাৰ আলোচনা কৰিবৰ বাবে এনে নিৰ্দিষ্ট নীতি মান্য কৰা হৈছে: (১) শঙ্কৰদেৱৰ কীৰ্ত্তন দশম, আৰু মাধৱদেৱৰ ঘোষা ৰত্নাৱলীত থকা সেই দুজনৰ নিজা উপদেশ (ভণিতা) প্ৰাথমিকভাৱে “মূল পাঠ” বুলি ধৰা হব; (২) সেই দুজনৰ নামত চলা প্ৰক্ষিপ্ত পুথি আৰু প্ৰক্ষিপ্ত পাঠ বৰ্জন কৰি দুয়োজনৰ ৰচিত আন আন গ্ৰন্থৰ পৰাও “মূল পাঠ"ৰ পৰিপোষক কথা লোৱা হব; (৩) মৌলিক বা প্ৰক্ষিপ্ত সম্পৰ্কে সংশয় উপস্থিত হলে “মূল পাঠৰ কষটিত তাৰ বিচাৰ লোৱা হব; (৪) “মূল পাঠ”ৰ ভিতৰতে কিবা আসোঁৱাহ ওলালে সম্পূৰ্ণ মূল পাঠৰ সমন্বয়ত তাৰ বিচাৰ কৰা হব। (৫) মূল ৰচনা আৰু গুৰু-চৰিত পুথিৰ ভিতৰত বৈষম্য থাকিলে মূল ৰচনাকে মান্য কৰা হব; (৬) গুৰু-চৰিত পুথিসমূহৰ ভিতৰত বিবাদ থাকিলে তাৰ ভিতৰৰ অধিক পুৰণিখনৰ কথাকে গ্ৰহণ কৰা হব। (৭) অন্যান্য চৰিত বা পুথিৰ লগত গুৰু-চৰিতৰ বৈষম্য থাকিলে এক-চৰিতৰ কথাকে মান্য কৰা হব; (৮) “মূল পাঠ” বা গুৰু-চৰিত আদিত নাথাকিলেও গুৰুজনাৰ আদৰ্শৰ লগত মিলা কথা মান্য হব পাৰে; (৯) কোনো পৰবৰ্তী গুৰু-চৰিত বা ধাৰ্মিক কিম্বদন্তীত চলি অহা কথাও সাধাৰণ বিচাৰত গুৰুজনাৰ আদৰ্শ-বিৰোধী বুলি গণ্য হলে সি বৰ্জনীয় হব; (১০) অনৈতিহাসিক আৰু অযৌক্তিক সকলো কথাই বৰ্জনীয়।
“মূল পাঠ” আৰু “কীৰ্ত্তন” পুথিৰ কথা কওঁতে “উৰেষা বৰ্ণন” অধ্যায় কেইটাৰ কথা মনলৈ আহে। কিয়নো শঙ্কৰদেৱৰ ধৰ্মশিক্ষা সম্পৰ্কৰ বাদ-প্ৰতিবাদত ইয়াৰ উল্লেখ উদ্ধতি আদি বাদ নপৰে।