পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বহু-শৰণৰ বিপক্ষে জৰথুস্ত্ৰ ধৰ্ম

বিফল হয়। সাত বছৰ বয়সৰ পৰা বুৰ্জিন কুকঃশ্ নামে শিক্ষকৰ কাষত অলপ দিনতে নানা বিদ্যাত পাৰদৰ্শিতা লভি পৰৱৰ্তী কালত শিশু যীশুৱে বিধৰ্মী ইহুদী পুৰোহিতবোৰক পৰাস্ত কৰাৰ দৰে আচৰিত বুদ্ধিসম্পন্ন শিশু জৰথুস্ত্ৰই বিধৰ্মী ইৰাণীবিলাকক তৰ্ক-যুদ্ধত পৰাজয় কৰে; কিয়নো তেওঁৰ পূৰ্বে পাৰস্যতো বহু দেৱ-দেৱীৰ পূজা, মিছা কোৱা, মদ খোৱা আদি ব্যভিচাৰ প্ৰৱলভাৱে প্ৰচলিত আছিল। পোন্ধৰ বছৰ বয়সত জৰথুস্ত্ৰৰ উপনয়ন সমাধা হয়; তেওঁৰ পৰৱৰ্তী বুদ্ধদেৱ প্ৰভৃতিৰ দৰে সৰুৰে পৰাই তেওঁ ন্যায়পৰায়ণ আৰু সংসাৰ-সুখত অনাসক্ত আছিল, আৰু ভোকত থকা কুকুৰ এটা বাটত দেখিলেও তেওঁৰ চকু ঢুল্‌ঢু‌‌লীয়া হৈছিল।

 কুৰি বছৰ বয়সত তেওঁ ঘৰ এৰি সত্যৰ অন্বেষণত দহ বছৰৰ অধিক কাল পৰ্বত-হাবি মৰুভূ-প্ৰান্তৰ ভ্ৰমি অৰ্ধাহাৰে অৰ্দ্ধ-নিদ্ৰায় কাল যাপন কৰি, জিতেন্দ্ৰিয় আৰু কঠোৰ তাপসৰূপে ছাবাতান্ নামৰ পৰ্বত শিখৰত সমাধি যোগেদি অহুৰ মজ্‌দাৰ সাক্ষাৎ-লাভ কৰে, আৰু দেঢ়কুৰি বছৰ বয়সৰ পৰা এই মজদীয় ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। দৈতি নৈৰ পাৰত আত্মোপলব্ধি কৰাত সুমতিৰ প্ৰতীক বোহুমনো দেৱদূতৰূপে সহায় হয় আৰু কুমতিৰ প্ৰতীক অহ্ৰিমনৰ পৰা তেওঁক ৰক্ষা কৰে; বৌদ্ধ ধৰ্মৰ ‘মাৰ’ আৰু ইহুদী ধৰ্ম আৰু ইছলামৰ ছয়তান, আৱেস্তাৰ অহ্ৰিমন। এই তত্ত্বৰ বাবেও কোনো কোনো ধৰ্মই মজদীয় ধৰ্মক দ্বৈতবাদী বুলিব খোজে; কিন্তু ইয়াত প্ৰকৃততে অহ্ৰিমনৰ চিৰত্ব স্বীকাৰ কৰা হোৱা নাই: অহুৰ মজদাই সৰ্বেসৰ্বা।

 বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন- ধম্ম, বুদ্ধ, সঙ্ঘ; জৈন ধৰ্মৰ ত্ৰিৰত্ন-সম্যক্ দৰ্শন, জ্ঞান, চৰিত্ৰ; জৰথুস্ত্ৰ ধৰ্মৰ ত্ৰিৰত্ন—মনষ্ণী বা হুমত (সুমত, সৎচিন্তা), গবষ্ণী বা হুখ্‌ত (সু- উক্ত, সৎবাক্য), কুনাষ্ণী বা হবৰ্শত (সুবৃত্ত, সৎ আচৰণ)। ইয়াৰ পৰবৰ্তী বৌদ্ধ ধৰ্মৰ দৰেই জৰথুস্ত্ৰ ধৰ্মও কায়-মন-বাক্য শুদ্ধি বা আত্ম-শুদ্ধিৰ ধৰ্ম; সৰ্বাঙ্গীন পৱিত্ৰতাই ইয়াৰ মৰ্মবাণী। পাৰস্যৰ বুৰঞ্জীলেখক মাৰখামে বিশেষভাৱে উল্লেখ