পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
যুগনায়ক শঙ্কৰদেৱ

কৰিছে—পৃথিবীৰ সমগ্ৰ জাতিৰ ভিতৰত কি শিলত কটা, কি কাঠ বা মাটিৰে সজা মূৰ্তি বা বিগ্ৰহ কোনো যুগত কেতিয়াও সেৱা কৰাৰ প্ৰমাণ নথকা একমাত্ৰ এই পাৰস্যিক জাতিয়েই। জৰথুস্ত্ৰৰ আবিৰ্ভাবৰ বহু পূৰ্বে এই ইৰাণত তিনিটা প্ৰসিদ্ধ অগ্নি-মন্দিৰ আৰু তাত অগ্নি-সেৱাৰ প্ৰচলন আছিল; জৰথুস্ত্ৰই ধৰ্ম-সংস্কাৰ প্ৰসঙ্গত সেইবোৰ একেবাৰে উঠাই নিদি অগ্নিক সেৱা নকৰি অগ্নিৰ মাধ্যমেৰে পৰমেশ্বৰক সেৱা কৰিবলৈ আদেশ দিলে। সেইহে তেওঁ অগ্নিত আহুতি দিয়া সম্পূৰ্ণ নিষিদ্ধ কৰিলে, আৰু এই মূল নীতিৰ বাবেই অগ্নি-পূজক বৈদিক ধৰ্মৰ পৰা চিৰকাললৈ জৰথুস্ত্ৰ ধৰ্ম ফাটি আহিল। অগ্নিক মাধ্যমৰূপে ব্যৱহাৰ কৰা প্ৰসঙ্গত জৰথুস্ত্ৰই কৈছে,‘মই দেখিবলৈ পাইছোঁ অগ্নিৰ জ্বলন্ত পৱিত্ৰ শিখাৰ পৰা সত্যৰ স্ফুলিঙ্গ বিকীৰ্ণ হৈছে।” (যস্ন, ৩০।১)। খৃষ্টানৰ সকলো ধৰ্ম-কাৰ্যত ক্ৰছ চিন দেখিবলৈ পোৱা হয়; তাৰ পৰা একেশ্বৰবাদী খৃষ্টানবোৰ ক্ৰছ্-পূজক বুলি ভাবিলে যেনেকৈ ভুল আৰু অন্যায় কৰা হ’ব, জৰথুস্ত্ৰবিলাকৰ ধৰ্ম- কাৰ্যত অগ্নিৰ সম্পৰ্ক দেখি তেওঁলোকক অগ্নি-উপাসক বোলাও তেনে ভুল আৰু অন্যায় হ’ব বুলিয়ে অমৰ মুছলমান কবি ফিৰদৌছিয়ে তেওঁৰ যুগমীয়া ‘শ্বাহনামা’ত এনে সন্দেহৰ বিৰুদ্ধে প্ৰসিদ্ধ সতৰ্কবাণী শুনাই গৈছে।

 জেকছনে তেওঁৰ আৱেষ্টা ব্যাকৰণত দৃঢ়ভাৱে মন্তব্য কৰিছে, বৈদিক ভাষাৰ লগত মহাকাব্যৰ সংস্কৃত ভাষাতকৈ আৱেস্তাৰ গাথা ভাষাৰ সম্বন্ধ অধিক ঘনিষ্ঠ। কেইটিমান ধ্বনিতত্ত্ব অনুসৰণ কৰিলেই আৱেস্তাৰ প্ৰতি গাথা নিমিষতে বৈদিক সংস্কৃতত পৰিণত হয়। ইন্দো-ইউৰ’পীয় ইন্দো-ইৰাণীৰ ঠালৰ ভাষাসমূহৰ আটাইতকৈ প্ৰাচীন হল আৱেস্তীয় আৰু প্ৰাচীন পাৰস্যিক; আৰু গাথা ভাষাই আৱেস্তীয় আটাইতকৈ পুৰণি ভাষা, আৰু ঋক্ বেদৰ ভাষাৰ লগত ইয়াৰ যথেষ্ট মিল আছে। ঋক্ বেদত ঋত্বিক বা পুৰোহিতক বোলে ‘হোতা’, আৱেস্তাত বোলে “জোতা”; বেদৰ মন্ত্ৰ, আৱেস্তাৰ মন্থ ইত্যাদি। ভাষা-