সকলো আহুতি দিয়ে; মজদীয় ধৰ্মই অগ্নিক ঈশ্বৰৰ মুখ বুলি স্বীকাৰ নকৰে বাবেই তেওঁলোকৰ অগ্নিত আহুতি দিয়া নিষিদ্ধ। মজদীয়-
বিলাকৰ মতে অগ্নি পাৱক আৰু সৰ্ব পবিত্ৰতাৰ প্ৰমাণ; তাত আহুতি
দিয়া অন্যায় কাৰ্য। ঋক্ বেদত কৈছে (১।১৬৪।৪৬) “একং সৎ বিপ্ৰা
বহুধা বদন্তি, অগ্নিং যমং মাতৰিশ্বানমাহুঃ”। সেই এক সৎবস্তুকে
বিপ্ৰবোৰে ইন্দ্ৰ, যম, মাতৰিশ্বা আদি বোলে; মজদীয়সকলে ঈশ্বৰৰ
সেইবোৰ বিভিন্নৰূপ হ’ব পাৰে বুলি নামানে, এক পৰমেশ্বৰকহে
মানে।
“তেম্ নে যস্নাঈম্ আৰ্মতোঈস্ মিমঘ্ঝো,
যে আন্মেনী মজদাও স্ৰাবি অহুৰো।”(গাথা,৪৫।১০)
অৰ্থাৎ 'জ্ঞানে-কৰ্মে আমি একমাত্ৰ অহুৰ মজদাৰ (পৰমেশ্বৰৰ)হে সেৱা কৰিম।' ইছলামৰ যুগৰ পূৰ্ববৰ্তী পাৰস্যৰ এই ধৰ্মৰ এনে একনিষ্ঠা দেখিয়েই মুছলমান কবি ফিৰদৌছীয়ে তেওঁৰ অমৰ ‘শ্বাহনামা’ কাব্যত দৃঢ়ভাৱে লিখিছে-
“ন গুই গুইকে আতশ্ পৰস্তা বুদন্দ্।
পৰস্তন্দ এ পাক যজদা বুদন্দ্॥”
অৰ্থাৎ ‘তেওঁলোকে অগ্নি আগত লোৱা বাবে তেওঁলোকক অগ্নি- পূজক বুলি নাভাবিবাঁ; তেওঁলোক যথাৰ্থতে এক পৰমেশ্বৰৰ উপাসক।’
জৰথুস্ত্ৰৰ আবিৰ্ভাবৰ সময় সম্পৰ্কে যথেষ্ট মতভেদ আছে; খৃষ্টপূৰ্ব ১২০০০ৰ পৰা খৃষ্টপূৰ্ব ১২০০ লৈকে বিভিন্ন সময় নিৰ্দ্ধা ৰিত কৰে যদিও তেওঁ যে খৃষ্টপূৰ্ব অষ্টম শতাব্দীৰ পূৰ্ববৰ্তী ই সৰ্ববাদীসম্মত। পশ্চিম পাৰস্যৰ উৰমিয়া হ্ৰদৰ কাষৰ আজাৰবাইজান বা আত্ৰোপাতিন জিলাৰ তখ্তে ছুলেমান নামৰ ঠায়েই তেওঁৰ জন্মভূমি। পিতাক পৌৰুস্সপ্, আৰু মাক দুঘ্ ধোৱা। জৰথুস্ত্ৰ মানে ধৰ্মনিষ্ঠ, স্পিতম্ (শ্বেতবৰ্ণ) এওঁৰ বংশৰ নাম; যেনেকৈ বাসুদেৱৰ“কৃষ্ণ” গোত্ৰ নাম আছিল। ৰজা হেৰোডে যীশুৰ, আৰু কংসই কৃষ্ণৰ, ওপজাৰ পাছতে প্ৰাণ-নাশৰ চেষ্টা কৰাৰ দৰে তুৰাণ ৰজা দুৰাশ্ৰবোৱে শিশু জৰথুস্ত্ৰক বধিবৰ চেষ্টা কৰি