ঋষিগণে বিহি আছে প্ৰায়শ্চিত্ত যত।
যাগ-যোগ যজ্ঞ-জপ-তপ তীৰ্থ ব্ৰত॥ ১৫৩।
কৰিবে নপাৰে সৱে সিমতে শুদ্ধিক।
হৰি নামে কৰে যেন পৱিত্ৰ বুদ্ধিক॥
যদি কোটি শত বাৰ কৰে প্ৰায়শ্চিত্ত।
তথাপিতো পাপৰ পথত পৰে নিত॥ ১৫৪।
মনৰ মলক কৰ্মে চাইতে গুনপাৰে।
হৰিৰ নামেসে পাপ সমূলে উভাৰে॥
আন ধৰ্ম কৰ্ম মানে সকলো বিৰোধ।
হোৱে হবিগুণেসে কীৰ্ত্তনে চিত্ত শুধ॥ ১৫৫।
তপ জপ তীৰ্থ বেদ বিধিৰ কিঙ্কৰ।
নামৰ কীৰ্ত্তন ইটো বিধিৰ ঈশ্বৰ॥ ১৫৮।
নাহি কাল নিয়ম নামত একো বিধি।
যেই সেই মতে লৈলে নামে কৰে সিদ্ধি॥ ১৫৯
পুত্ৰ নাম ধৰি যদি উপহাস্য কৰি।
উচ্চৰে হেলাত যদি ৰাম কৃষ্ণ হৰি॥ ১৬০।
তথাপি মহন্ত তাৰ পাপ ভৈলা ক্ষয়।
নকৰিবি যমদুত ইহাত সংশয়॥ ১৬১।
উচ্চাৰিলে হৰি-নাম যিটো একবাৰ।
এড়িয়া সমন্তে পলায় পাতক তাহাৰ॥ ১৬২।
হৰিৰ নামত নাই সিসৱ নিয়ম।
সমস্ত পাপৰ নাম কালান্তক যম॥
শৰীৰৰ মাত্ৰ প্ৰায়শ্চিত্তে পাপ হৰে।
নাম কীৰ্ত্তনে পাপ সমূলে উভাৰে॥ ১৬৪।
নাথাকে পাপৰ বীৰ্য্য শুদ্ধ হোৱে চিত।
পুনৰপি পাতক নোপজে কদাচিত॥
পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৮৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
যুগনায়ক শঙ্কৰদেৱ