বুজিবি নামৰ ইটো হেনসে আশয়।
পূৰ্বাপৰে কৰি আছে যত পাপচয়॥ ১৬৫।
সিসৱ পাতক একতিলে হোৱে নাশ।
বাৰেক কৰিলে মাত্ৰ নামক অভ্যাস॥
যেন চিৰকাল আছে ঘোৰ অন্ধকাৰ।
নষ্ট হোৱে প্ৰদীপ জ্বালিলে একবাৰ॥ ১৬৬।
নলঙ্ঘে পাতকে দুনি নামৰ প্ৰভাৱে।
নতু অন্ধকাৰে জিনে দীপ থাকে যাৱে॥
তেৱেসে বাসনা গুচে চিত্ত হোৱে শুদ্ধি।
সিহেতু সদায় স্মৰে যাৰ আছে বুদ্ধি॥” ১৬৭।
এতিয়া অজামিল শৰ্মাৰ চৰিত্ৰ ফঁহিয়াই চোৱা হওক:
"জাতিত ব্ৰাহ্মণ সিটো কামত চাণ্ডাল।
পুত্ৰ ভাৰ্য্যা পোষন্তে অনেক গৈল কাল॥
ভৈল অষ্টাধিক আশী বৎসৰ প্ৰমাণ।
বৃদ্ধ বয়সতো তাৰ নুপজিল জ্ঞান॥ ৭৭।
আৰ এক কৰ্ম কৰিবাক সংখ্যা নাই।
কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে ওমলাই॥
প্ৰাণতো অধিক সিটো পুত্ৰ নাৰায়ণ।
মিলে সুখ শুনি তাৰ মধুৰ বচন॥ ৭৮।
তাতে মন নিমজিল দ্বিজৰ সদায়।
পৰম কৌতুকে তাৰ লীলা থাকে চাই॥
খুৱাই-ধুৱাই মহা স্নেহে নিতে তাক।
আইস নাৰায়ণ বুলি ৰাৱ দিলে ডাক॥ ৭৯।
উঠ নাৰায়ণ হেন বৈস নাৰায়ণ।
ভুঞ্জ নাৰায়ণ বুলি ডাকে সৰ্বক্ষণ।
প্ৰাণ পশি আছে সেই কনিষ্ঠ পুত্ৰত।
নাৰায়ণ বিনে নাই বচন মুখত॥ ৮০।
১২