পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
শঙ্কৰদেৱৰ শেষতীয়া ৰচনা

হেন বা বুলিবা নাম কমবেসে অঙ্গ।
উচ্চাৰিলে কৰ্মকেসে কৰয় সুসাঙ্গ॥
স্বতন্ত্ৰে সাধিবে গতি কিমতে লোকৰ।
ইটো শঙ্কা নকৰিবা যমৰ কিঙ্কৰ॥ ১৪৪।
দ্ৰব্যে সমে কৰে যেন জলক ভোজন।
স্নানে পান কেৱলে সিজয় প্ৰয়োজন॥
সেহি মতে হবে পাপ নাশে কৰ্ম-সঙ্গ।
কেৱলে স্মৰন্তে পলায় পাতক বীৰঙ্গ॥ ১৪৫।
নাহি চিত্ত অনিশ্চাতো যিটো বোলে হৰি।
তথাপিতো পলায় পাপ কম্পে থৰথৰি॥
যেন ক্ষুদ্ৰ মৃগে নাদ শুনিলে সিংহৰ।
জীৱ ৰাখি হৱে তাৰ তেখনে আঁতৰ॥ ১৪৬।
নাৰায়ণ নাম বুলিলেক ইটো পাপী।
ভৈল প্ৰায়শ্চিত্ত সৱে পাপৰ তথাপি॥
এক নামে কৰে মহা প্ৰলয় পাপৰ।
ইটো দ্বিজে উচ্চাৰিলে চাৰিও অক্ষৰ॥ ১৪৭।
তপ জপ তীৰ্থ ব্ৰত যজ্ঞ যত দান।
লক্ষ কোটি ভাগে নোহে নামৰ সমান॥১৪৮।
ব্ৰহ্ম-বধ সুৰা-পান অগম্যাগমন।
মহাপাপ ব্ৰহ্মাণ্ডৰ সুৱৰ্ণ হৰণ॥ ১৫।
আনো আনো জগতৰ যত পাপগণ।
সৱাৰে নিষ্কৃতি হৰি-নামৰ কীৰ্ত্তন॥ ১৫১।
নাম লৈলে মাধৱে নেৰ তাৰ কাষ।
যেন ধেনু স্নেহত বৎসৰ নেৰে পাশ॥" ১৫২।

তাৰ পাছত যমদূতৰ বেদৰ মহিমা-কীৰ্ত্তন কৰি বিষ্ণুদূতে উত্তৰ দিছে:

“নাম-ধৰ্ম হেনসে কৃষ্ণক কৰে বশ্য।
নামৰ মহিমা ইটো বেদৰ ৰহস্য॥