পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪
যুগনায়ক শঙ্কৰদেৱ

যিটো নাৰায়ণ পৰম ঈশ্বৰ
 পুৰুষ মহা মহন্ত।
ব্ৰহ্মাদিকো যিটো স্ৰজন্ত পালন্ত
 প্ৰলয়ন্ত সংহাৰন্ত॥ ১১৮।
তাহান প্ৰথম নিশ্বাসত আসি
 উপজে আপুনি বেদ।
এতেকে পৰম প্ৰমাণ বেদেসে
 দিয়া যত পৰিচ্ছেদ॥
বেদে যিবা কহে জানিবা সকলে
 কৃষ্ণৰেসে আজ্ঞা বাণী।
তাক ভঙ্গ কৰে যিটো মহাপাপী
 তাক দণ্ড কৰোঁ‌ আমি॥” ১১৯।

বিষ্ণু-দূতে এইবোৰ বিষয়ৰ যথোচিত সমিধান দিছে :

“ডাকিয়া বোলন্ত শুন যমৰ কিঙ্কৰ।
পৰম ৰহস্য ধৰ্ম নজান বেদৰ॥ ১৩৫।
যতেক কহিলি মানে ধৰ্ম মায়াময়।
মহাপুণ্য কোন তাক নজান নিশ্চয়॥ ১৩৬।
শুনা সাৱধানে হেৰা ইহাৰ উত্তৰ।
জান-নজানস কিছু মহিমা নামৰ। ১৪১।
তোৰাসৱে ধৰিলা বিপ্ৰৰ ধাতু যায়।
নাৰায়ণ নাম উচ্চাৰিলে অনিচ্ছায়॥
এতেকে কৰিলে বিপ্ৰে ইটো যথোচিত।
কোটি জনমৰ পাতকৰ প্ৰায়শ্চিত্ত॥ ১৪২।
মোক্ষকো পাইবেক হুয়া কৰ্মতো মুকুত।
ইটো অদভূত নেদেখিবা যমদূত॥
হৰি হেন ৰাম নাম লৈলে একবাৰ।
মোক্ষকো যাইবাক সি ভৈল কাচ-পাৰ॥ ১৪৩