বিচাৰ্য্য হল, (১) অনিচ্ছা বা অজ্ঞানতা (যেনেকৈ অজামিলে পুতেকক মাতোঁতে ঘটনাক্ৰমে বিষ্ণুৰ নাম উচ্চাৰণ কৰা হ’ল) ঈশ্বৰৰ নাম ললেও অন্ততঃ এই জন্মৰ সকলো পাপৰ প্ৰায়শ্চিত্ত হব পাৰে নে? (২) যদি পাৰে, তেন্তে “মৰিবাৰ বেলা" যেনে তেনে বা লোকে সোঁৱৰাই দিয়া মতে হৰি-নাম লবৰ দুঃসাহস কৰিলে তেনে কৰিব পাৰিনে? (৩) যদি এনে দুঃসাহসৰ দ্বাৰা এক নিমিষত (“কোটি জন্মৰ” কথা এৰিও) এই জন্মৰ পাপৰ পৰা উদ্ধাৰ পাবলৈ এশৰ ভিতৰত দহ জনৰে পক্ষে সম্ভৱ হয়, তেন্তে তাক নিষিদ্ধ পথ নুবুলিও পাৰি নে? ইত্যাদি। যদি এই শেষৰ প্ৰশ্নৰ সমিধান স্বীকৃতিমূলক হয় তেন্তে ধৰ্ম-জীৱন যাপন অনৰ্থক। যি হওক, এই বিচাৰ ইয়াৰ পাছলৈ ৰাখি বৃঃ অঃ উপাখ্যান যমদূত আৰু বিষ্ণুদূতৰ বাদ-বিসম্বাদ কি কথাৰ ওপৰত হৈছে তাকে আগতে চোৱা হওক। যমদূত কৈছে:
"জানা জগতৰ যত মহা পুণ্য
সৱাৰো বেদে প্ৰমাণ। ১১৬।
বেদে বিহে যাক তাকে বুলি ধৰ্ম,
যজ্ঞ তপ জপ যাগ।
বেদৰ নিষিদ্ধ যত কৰ্ম মানে,
জানা সেহি মহা পাপ॥
বেদৰ বিহিত যিজনে আচৰে
সেহি জন পুণ্যৱন্ত।
বেদ-নিষিদ্ধক কৰে যিটো নৰ
সেহিতো পাপী অত্যন্ত॥১১৭।
চাৰিও জাতিৰ যেন ধৰ্ম তাক,
বেদেসে দি আছে সীমা।
দেখিও নেদেখে প্ৰধান ধৰ্মৰ
বেদৰ শুনা মহিমা॥