পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
যুগনায়ক শঙ্কৰদেৱ

উদ্ধৱ সম্বাদ” ৰচনাই সেই পুথি যদি হয়, তেন্তে তাত ভক্তি-প্ৰাধান্য মন কৰিবলগীয়া। “চিহ্নযাত্ৰা”ই চকু-কাণ উভয়ৰ বাবে বৈকুণ্ঠ ৰচিলে আৰু "উদ্ধৱ সম্বাদে” ভাগৱতৰ দশম স্কন্ধৰ কাহিনীৰে সেই বৈকুণ্ঠৰ উত্তৰাধিকাৰী ভক্তসৱৰ মাহাত্ম্য উত্তমৰূপে প্ৰকাশ কৰিলে:

 “উদ্ধৱে গোপীৰ দেখিয়া ভাৱ।
 বিস্ময় হুয়া শিহৰাই গাৱ॥
 নন্দৰ ব্ৰজে যত গোপীজাক।
 শিৰে বন্দো তান পদধূলাক॥ ১২৫৫।
 ৰাত্ৰি দিনে গাৱে হৰি-চৰিত্ৰ।
 তিনিও লোকক কৰে পৱিত্ৰ॥ ১২৫৬।
 আলাস ত্যাজিয়া ভজিয়ো হৰি।
 সমস্ত নৰে ডাকি বোলা হৰি॥” ১২৬৩।

ইয়াৰ পাছৰ কেবছৰত শঙ্কৰদেৱে কি ৰচিছিল সঠিক কোৱা টান; কিন্তু প্ৰথম তীৰ্থ-ভ্ৰমণত বদৰিকাশ্ৰমত গুৰুজনে এই বৰগীতটি ৰচিছিল বুলি প্ৰসিদ্ধি আছে :

 “ধ্ৰুং। মন মেৰি ৰাম-চৰণহি লাগু :
 তই দেখ না অন্তক আগু॥
 মন, আয়ু ক্ষণে ক্ষণে টুটে।
 দেখ, প্ৰাণ কোন দিনে ছুটে॥
 মন, কাল অজগৰে গিলে।
 জান, তিলেক মৰণ মিলে॥
 মন, নিশ্চয় পতন কায়া।
 তই, ৰাম ভজ ত্যজি মায়া॥
 ৰে মন, ই সৱ বিষয় ধান্ধা।
 কেন, দেখি নেদেখস আন্ধা॥