মন, সুখে পৰ কৈছে নিন্দ।
তই, চিত্তে চিন্ত গোবিন্দ॥
মন, জানিয়া শঙ্কৰ কহে।
দেখ, ৰাম বিনে গতি নহে॥”
দৈত্যাৰিৰ “প্ৰথমতে কৰিলন্ত কীৰ্ত্তনৰ ছন্দ” কথা অৱশ্যে অনিৰ্দিষ্ট। “কীৰ্ত্তন"ৰ “কংস-বধ” আদি কোনো কোনো ছোৱা যে গুৰুজনৰ অন্ততঃ বৰদোৱাত থকা সময়ৰ ৰচনা তাক নুই কৰা কঠিন; কিন্তু “পাষণ্ডমৰ্দন” আদি যে ধূঞাহাটত থকা সময়ৰ আগৰ ৰচনা নহয় তাৰ নানান প্ৰমাণ আছে। গতিকে “কীৰ্ত্তন” পুথি এক আৰু মূল শাস্ত্ৰ বুলি ধৰি তাৰ আলোচনা একেলগে পাছতহে কৰা সমীচীন। “হৰিশ্চন্দ্ৰ উপাখ্যান” আৰু “ভকতি-প্ৰদীপ” গুৰুজনা ধূঞাহাটত থকা সময়ত বা তাৰ আগতেও ৰচা সম্ভৱপৰ; কিয়নো এই দুই শাস্ত্ৰই শঙ্কৰদেৱ যথাক্ৰমে পাটবাউসী আৰু চূণপৰাত থকা অৱস্থাৰ আগতে প্ৰসিদ্ধি লাভ কৰিছিল বুলি কথিত আছে। আভ্যন্তৰীণ প্ৰমাণ আদিৰ পৰা “ভকতি-প্ৰদীপ”তকৈ “হৰিশ্চন্দ্ৰ উপাখ্যান" আগতে ৰচিত হৈ গুৰুজনাৰ ধৰ্মৰ 'চাৰি খুটি’ মাৰি সকলোৰে মুখে মুখে প্ৰচলিত হোৱা বুলি জানিব পাৰি।–
“মাৰ্কণ্ডেয় পুৰাণৰ কথাতে প্ৰধান।
পয়াৰে ৰচিবোঁ হৰিশ্চন্দ্ৰ উপাখ্যান॥ ২।
বিষ্ণু-বৈষ্ণৱৰ কথা দুয়ো সমতুল।
শ্ৰৱণ-কীৰ্ত্তনে কৰে পাপৰ নিৰ্মূল॥
চাণ্ডাল পৰ্য্যন্ত কৰে সৱাকো পৱিত্ৰ।
জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ॥” ৪।
সুভাৰ্য্যা শৈব্যা আৰু সুপুত্ৰ ৰোহিতাশ্বক লৈ মহাসুখী হৰিশ্চন্দ্ৰ ৰজাই যজ্ঞ পাতিলে। কিন্তু বশিষ্ঠই যেতিয়া সৰ্ব-সিদ্ধিদাতা গণেশৰ পূজাৰে যজ্ঞ আৰম্ভিব খুজিলে, তেতিয়া লাগিল কলি!