পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উনৈশ

শঙ্কৰদেৱৰ আগতীয়া গ্ৰন্থসমূহ

শঙ্কৰদেৱৰ প্ৰথম ৰচনা “চিহ্নযাত্ৰা” অঙ্কৰ নিদৰ্শন পাবলৈ নাই; ৰামচৰণৰ বৰ্ণনাৰ পৰা তাৰ বিষয়-বস্তুৰ আভাস পোৱা হয়ঃ

 "বৈকুণ্ঠ নগৰ পটত লেখিয়া
 অঙ্ক কৰিলন্ত তাৰ॥ ১৪৬১।
 ধেমালিৰ ঘোষা প্ৰথমে লিখিয়া,
 দ্বিতীয়ে শ্লোক ৰচিলা।
 সূত্ৰ ভটিমাক গীতক কৰিয়া
 চিহ্নসৱ বিভাগিলা॥
 যাৰ যেন থান যিমত লক্ষণ
 কল্পতৰু উপবন।
 সৰোবৰচয় অধিক শোভয়
 অনন্ত শয্যা শোভন॥ ১৪৬২।
 লক্ষ্মী সৰস্বতী চৌদ্ধ পাৰিষদ
 গীততে সৱকে দিলা।
 সাত বৈকুণ্ঠৰ সাত গোটা নট
 সৱাকো তাতে নিৰ্মিলা॥
 গীত নাট সূত্ৰ সমস্তে কৰিয়া
 যেৱে সাঙ্গ কৰিলন্ত।
 ভূঞা সৱে ৰভা- ঘৰ সাজি তেৱে
 শঙ্কৰত জনাইলন্ত॥" ১৪৬৩।

দ্বিতীয় ৰচনা “উদ্ধৱ সম্বাদ” মহেন্দ্ৰ কন্দলী প্ৰভৃতিক শৰণ লগাবৰ

“চিহ্নযাত্ৰা” ভাৱনাৰ পিছ-ৰাতি লিখা;“কীৰ্ত্তন” পুথিৰ বৰ্ত্তমান “গোপী-

 ১১