সমললৈ যাওক

পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য


যাত্ৰীৰ লগত  পৰম হৰিষে
 কামৰূপে আসিলন্ত॥২১৬০।
অনুক্ৰমে সৱে  দেশক এড়ায়া
 ৰাজ্য পাইলা আসামৰ।
তেম্বৱনি বন্ধে  বৰদোৱা গ্ৰাম
 পাইল পাছে শঙ্কৰৰ॥ ২১৬১।
মনত বোলন্ত  এহেন্তে শঙ্কৰ
 দৰশন ভৈলোঁ আসি।
মহা ভাগ্যোদয়  মিলিল আমাৰ,
 দূৰে গৈলা পাপৰাশি॥ ২১৬৫।
দুই মাস পূৰ্ণ  ভৈলেক পথত,
 আসিলোঁহে ৰঙ্গ মনে।
মহা ভাগ্য মোৰ  মিলিল তোমাক
 দেখিলোঁ আসি নয়নে॥
তযু দৰশনে  পাপ দূৰ ভৈল,
 আনন্দ কৰে হৃদয়।
এতেক বোলন্তে  প্ৰেম উপজিল,
 নয়নে নীৰ সৰয়।” ২১৭০।

ৰামচৰণৰ এই বৃত্তান্তৰ লগত দৈত্যাৰিৰ সংক্ষিপ্ত কথাও মিলে:

ভাগৱত শাস্ত্ৰ লৈয়া এক বিপ্ৰজনে।
জগন্নাথ ক্ষেত্ৰ গৈলা পঢ়িবাক মনে॥ ৮২।
স্বপনত জগন্নাথে বুলিলো বচন। ৮৩।
শুনা দ্বিজৰাজ তুমি কামৰূপে যায়ো।
শঙ্কৰক ভাগৱত শাস্ত্ৰক শুনায়ো॥
শঙ্কৰে শুনিলে মই শুনা হেন জানা।
শঙ্কৰকে মোকে তুমি এক কৰি মানা॥ ৮৪।