পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওঠৰ

শঙ্কৰদেৱৰ ভাগৱত-পাণ্ডিত্য

বাৰ বছৰীয়া তীৰ্থ-ভ্ৰমণ সমাপনৰ পাছৰ সৰ্বপ্ৰধান ঘটনা মাধৱ- দেৱৰ লগত মিলন; কিন্তু আধুনিক বিৰোধীবিলাকে বিকৃত অৰ্থৰ সহায়ক বুজি গুৰুত্ব দিয়ে তাৰ আগৰ এটি সামান্য ঘটনাত। গতিকে পোনতে তাৰেই মুকলি বিচাৰ কৰা হওক:

“তিৰুটি দেশৰ  এক বিপ্ৰবৰ
 ভাগৱত গ্ৰন্থ লৈলা।
জগন্নাথ আগে  পঢ়িবাক ৰঙ্গে
 ক্ষেত্ৰক লাগি আসিলা॥
জগন্নাথে তাঙ্ক  স্বপ্নত বুলিলা
 শুনিয়োক বিপ্ৰবৰ।
উদয় ৰাজাত  বৰদোৱা গ্ৰামে
 আছস্ত শঙ্কৰ বৰ॥ ২১৫৮।
তান আগে গৈয়া  পঢ়িয়োক ইটো
 মহাগ্ৰন্থ ভাগৱত।
তাহান আমাৰ  নাহিকে অন্তৰ
 কৈলো ইটো স্বৰূপত॥
চেতন লভিয়া  গুণন্ত মনত
 দেখিয়া স্বপ্ন বিশেষ।
উদয় ৰাজ্যত  যাইবে জগন্নাথে
 কৰিলা মোক আদেশ॥২১৫৯।
জগন্নাথ আজ্ঞা  শিৰোগত কৰি
 দ্বিজবৰ লড়িলন্ত।