পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫২
যুগনায়ক শঙ্কৰদেৱ


ভূষণৰ এই প্ৰসঙ্গৰ প্ৰায়খিনি পদ ৰামচৰণৰ লগত একে; ৰামানন্দত বিশেষ নাই। সি যি হওক, তাৰ পাছত :

“ব্ৰাহ্মণৰ কাৰুণ্যক শুনিয়ো শঙ্কৰ।
মনত হৰিষে পাছে দিলন্ত উত্তৰ॥ ২১°৪।
শঙ্কৰ বদতি শুনা বিপ্ৰ মহাশয়।
জগন্নাথ দয়া মোক সম্পূৰ্ণ আছয়॥ ১১৭৫।
কালি আৰম্ভিবা মহা গ্ৰন্থ ভাগৱত।
গীত-পদ কৰি মই আছোঁহো পূৰ্বত॥
তাত কৰি অৰ্থ কিবা বিলক্ষণ হয়।
শুনিবাক মোৰ মহা আনন্দ আছয়॥ ২১৭৬।
এহি কহি মৌনে পাছে ৰহিলা শঙ্কৰ।
পৰম হৰিষ মন ভৈলা ব্ৰাহ্মণৰ॥
এত হন্তে ভক্তসৱ আসিয়া মিলিলা।
নেৱ-গৃহে পশি মহা নাট আৰম্ভিলা॥ ২১৭৭।
যিসৱ অৰ্থক কহে গীতা-ভাগৱতে।
সৱ অৰ্থ ব্যক্ত হুয়া আছয় গীততে॥
হাতে তাল ধৰি গীত গায়নে গাৱয়।
শঙ্কৰৰ গীত শুনি হুইলা বিস্ময়।
অনন্তৰে নাম ধৰিলন্ত ভক্তগণে।
অমৃত বৰিষে যেন ব্ৰাহ্মণৰ মনে।
কীৰ্তন কৰয় পাসী ঘোষাক গাৱয়।
ওঝা পদ দোলে যেন অমৃত সিঞ্চয়॥” ২১৭৯।

 বাইবোলত কোৱাৰ দৰে যিবিলাকে “দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজে” সেইবিলাকৰ বাবে নহয়, কিন্তু তেনে দোষ নথকা সকলক কবৰ আৱশ্যক নাই যে উনৈশ বছৰত চিহ্নযাত্ৰা অঙ্ক আৰু উদ্ধৱ-সম্বাদ পদ কৰোঁতা, আৰু তাৰ পাছতো ওপৰত কোৱা দৰে