কৃষ্ণক নুপূজি যিটো পূজে দেৱগণ।
একো দেৱ তাত নাহিকন্ত তুষ্ট মন॥ ২৬৯।
সাত কঠিখন দেৱ শঙ্কৰক দিলা।
শঙ্কৰদেৱক গুৰু মাধৱে মানিলা।” ২৭১।
ইয়াত কোনো লুক-ঢাক কথা নাই; গতিকে শঙ্কৰদেৱৰ ৰচিত পুথিৰ মতৰ লগতে ইয়াকো প্ৰামাণ্যৰূপে গ্ৰহণ কৰিব লাগিব।
শঙ্কৰ-মাধৱৰ সোণত সুৱগাৰ দৰে এই মিলন ঘটিছিল সেই বাৰৰ দুৰ্গা পূজাৰ মাথোন অলপ দিনৰ আগতে; গতিকে, অনুমান কৰিব পাৰি, মাধৱদেৱে বলিৰ ছাগলিৰ বাহিৰে আন সকলো যো-জা প্ৰায় সম্পূৰ্ণ কৰিছিল। শঙ্কৰদেৱক সেৱা জনাই তেতিয়াই ৰামদাসৰ সৈতে উলটি যোৱা প্ৰসঙ্গত ৰামচৰণে লিখিছে-
“নমস্কাৰ কৰি দুয়ো গৃহক গৈলন্ত॥
কথা-মাতে যান্তে পথে হষিত মন।
মাধৱে বুলিলা ৰামদাসক বচন॥ ২২৩৪।
পূৰ্ব হন্তে শুনো শঙ্কৰৰ কথা যত।
তথাপিতো কিঞ্চিতেকো নধৰোঁ মনত॥
তুমি বৰ আমাক কৰি উপকাৰ।
একেই কুটুম্ব আৰু সুহৃদ আমাৰ॥ ২২৩৫।
মহা ভাগ্য আসি মোৰ ভৈল উপসন।
শঙ্কৰদেৱৰ আসি দেখিলোঁ চৰণ। ২২৩৬।
এহি কথা-মাতে দুয়োজনে গৃহ পাইলা।
আসিল অষ্টমী তিথি মাধৱে জানিলা॥” ২২৩৭।
এতিয়া মাধৱদেৱে আগতে দুৰ্গা পূজাৰ বাবে যোগাৰ কৰা উপচাৰ কৰিলে তাক সাৱধানে মন কৰিবলগীয়া :
“দীপ ধূপ তাম্বুল চন্দন উপহাৰ।
কৰিলা মাধৱে আনো নৈবেদ্য সম্ভাৰ॥