পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫
শঙ্কৰদেৱৰ মাধৱদেৱৰ মিলন


প্ৰভাতৰ পৰা তিনি পৰ বেলি গৈল।
দুইহন্তৰো কথা সাঙ্গ তথাপি নভৈল॥ ২৬৩।
দুইৰো কথা দুয়ো খণ্ডিবাক নপাৰস্ত।
অনন্তৰে শ্লোকে শঙ্কৰে পঢ়িলন্ত।
“যথা তৰোমূল নিষেচনেন
তৃপ্যতি উৎসুকো ভূজোপশাখাঃ।
প্ৰাণোপহাৰাশ্চ যথেন্দ্ৰিয়াণাং
তথাচ সৰ্ব্বাৰ্চন মুচ্যতেভ্যঃ॥”

এহি শ্লোক পায়া দেৱ মাধৱে মনত।
নিশ্চয় কৰিয়া এড়িলেক পূজা যত॥
মনে গুৰু মানি তেতিক্ষণ উঠিলন্ত।
শঙ্কৰদেৱক নমস্কাৰ কৰিলন্ত॥ ২৬৫।

বোলন্ত শঙ্কৰদেৱে যাইবন্ত জানিলোঁ।
মাধৱে বোলন্ত গুৰু তোমাক মানিলোঁ॥
শুনি দেৱ শঙ্কৰ ভৈলন্ত হৰিষিত।
আনন্দে শ্লোকৰ অৰ্থ লাগিলা কহিত॥ ২৬৬।

বৃক্ষৰ মূলত যেন দিলে আনি জল।
হোৱয় তৃপিত ডাল-পাত পুষ্প-ফল॥
ডালে-পাতে সিঞ্চে যদি মূলত নেদয়।
ৰাক দেই তাহাৰে তৃপিতি নাহিকয়॥ ২৬৭।

ক্ষুধাতুৰজনে যদি অল্পক ভুঞ্জয়।
হোৱয় তৃপিত তাৰ যত ইন্দ্ৰিচয়॥
ভোজন নকৰি পিন্ধে নানান ভূষণ।
নুহিকে তৃপিতি তাৰ যত ইন্দ্ৰিগণ॥ ২৬৮।

সেহিমতে অচ্য়ুতক যিজনে পূজয়।
সৱে দেৱগণে তাৰ তৃপিত হোৱয়॥

১০