আপুনি কোদাল ধৰি পথ চাঞ্চলিন্ত।
অন্তৰে ৰামৰম গুৰু আসিলন্ত॥ ২২৩৮।
পন্থে মাধৱক পাই বুলিলা বচন।
বেলি ভৈল এভো তুমি নকৰিয়ে স্নান॥
মাধৱে বোলন্ত গুৰু শুনা মোৰ বাক।
নৈবেদ্য উছগি সৱে দিল কৃষ্ণক॥ ২২৩৯।
অৰ্ধেক নৈবেদ্য লৈয়া অৰ্ধেক থৈমন্ত।
অৰ্ধেক নৈবেদ্য লৈয়া তেখনে গৈলন্ত॥
বসিছ শঙ্কৰ তান থৈলন্ত আগত।
নমস্কাৰ কৰিলন্ত পড়ি চৰণত॥
শঙ্কৰে বুলিলা পাছে চাহি মাধৱক।
আজি কেনে আনিলাহা দেৱী নৈবেদ্যক॥ ২২৪১।
মাধৱে বোলন্ত দেৱী নৈবেদ্য নোহয়।
কৃষ্ণক উছগি দিলা গুৰু কৃপাময়॥ ২২৪২।
শুনিয়া শঙ্কৰে মাধৱক প্ৰশংসিলা।•••
আপুনি ভুঞ্জিবোঁ মঞি কৃষ্ণ-প্ৰসাদক॥ ২২৪৩।
আন ভক্ত সমস্তক শঙ্কৰে মাতিলা।
ৰামৰায় আদি কবি সৱাকে বুলিলা॥ ২২৪৪।
মাধৱে নিশ্চয় মন বুদ্ধি কৰিলন্ত।
কৃষ্ণত একান্তভাৱে শৰণ লৈলন্ত॥” ২২৪৫।
অকল দেবী-পূজা-ত্যাগেই নহয়, তাৰ লগে লগেই মাধৱদেৱে জোৰণৰ কন্যাও ত্যাগ কৰি গুৰু-সেৱা আৰম্ভ কৰিলেঃ
“যেহি দিনা শঙ্কৰদেৱক লাগ পাইলা।
সেহি দিন হন্তে মন নিশ্চয় কৰিলা॥...
কি কৰিয়া জুৰণৰ কন্যাক এৰিবোঁ। ২৩৪৮।
প্ৰতি ভাঠি বেলা দেৱ মাধৱ যাৱন্ত।
শঙ্কৰৰ পাৱে পৰি প্ৰণাম কৰন্ত॥” ২৩৬৩।