পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
যুগনায়ক শঙ্কৰদেৱ


 মাধৱে পুছিলা পাছে কৰঘোৰ কৰি।
 বৃথা দুখ পাৱে ক্ৰিয়া-কৰ্মক আচৰি॥
 কোন কাৰ্য্য়ে তৰিবেক ঘোৰ সংসাৰত।
 তাহাৰ উপায় আছে কহিয়ো সাম্প্ৰত॥ ২২২৬।
 শঙ্কৰে বোলান্ত মাধৱৰ মুখ চাই।
 ভকতি সাধন সৎসঙ্গ বিনে নাই॥
 ভাগৱত পুৰাণৰ যতেক সাধন।
 সৎসঙ্গ ভক্তিৰ কথা শুনা দিয়া মন॥ ২২২৭
 প্ৰথমতে মহন্তৰ সেৱা কৰিবেক।
 শুদ্ধ ভাব দেখি তান কৃপা মিলিবেক।
 কহিবন্ত ধৰ্ম ধৰিবেক শুদ্ধ মতি।
 হৰি-কথা শ্ৰৱণত কৰি দৃঢ় মতি॥ ২২২৮।
 কৃষ্ণত হুইবেক প্ৰেম দৃঢ়-ভক্তি জাত।
 দেহ-ব্যতিৰেক আত্মা জানিবা সাক্ষাৎ॥
 কৃষ্ণৰ পৰম কৃপা হুইবে তান প্ৰতি।
 সৰ্বজ্ঞাত আদি গুণ জানিবাঁ সম্প্ৰতি॥ ২২২৯।
 সংসাৰক তৰিবাক যাৰ আছে মন।
 প্ৰথমে কৰোক সাধু সেৱাক যতন।
 গুৰু-সেৱাতেসে পাই ভুকুতি-মুকুতি।
 অন্যথা নপাৱে কৈলোঁ শাস্ত্ৰৰ যুগুতি॥ ২২৩০।
 শঙ্কৰৰ প্ৰৌঢ়ি বাণী শুনি মাধৱৰ।
 গুচিল সংশয় যত আছিল মনৰ॥ ২২৩১।
 কৃতাঞ্জলি কৰি আসনৰ উঠিল।
 গুৰু মানি শঙ্কৰত শৰণ লৈলন্ত॥” ২২৩২।
দৈত্যাৰিয়ে ৰামচৰণৰ ওপৰঞ্চি দুই এক কথা কৈছে :
 “মাধৱে শাস্ত্ৰক দেখাই প্ৰবৃত্তি কহস্ত।
 নিবৃত্তি দেখাই তাঙ্ক শঙ্কৰে খণ্ডন্ত॥