বায়ুক ক্ষেপিয়া উশাস ধৰিয়া
আসন ভিৰি হৰিষি।
থাকন্ত সদায় সুনিশ্চল কায়
দিন দুই চাৰি বসি॥ ৫৬।
জলে বুৰ দিয়া থাকন্ত বসিয়া
জলৰ ভিতৰে যাই।
জল দূৰ কৰি পৰ দুই চাৰি
জলে নিভিজয় কায়॥৫৭।
আনো আনো মত কৰন্ত সতত
বায়ু সমে ক্ৰীড়া আতি।
যোগ শাস্ত্ৰ মত ধৰি যোগ যত
আচৰন্ত দিনে ৰাতি॥ ৫৮।
ধ্যান ধাৰণা সমাধি আসন
প্ৰাণায়াম আদি যত।
বিবয়ত ৰতি ত্যজিয়া সম্প্ৰতি
আচৰা মাত্ৰ সতত॥
শৰীৰৰ ছয় চক্ৰক ছিণ্ডন্ত
মনত কৰি নিয়ম।
পাছে ভাগৱত শাস্ত্ৰক পাইলন্ত
সৱাতো কৰি উত্তম॥ ৫৯।
ভাগৱত তত্ত্ব জানিয়া পাছত
এড়িলা যোগ অভ্যাস॥” ৬০।
তাৰ পাছত “সৱ শাস্ত্ৰ পঢ়ি তেৱে আসিলন্ত ঘৰ”, “সপ্তদশ বৎসৰ শঙ্কৰ গৈল গ্ৰাম” ( ৰা-চ, ১৪০২, ১৪০৫)। ৰামানন্দৰ মতে শঙ্কৰদেৱৰ আৰু বনগঞা গিৰিৰ ফুকলীয়া কালতে পিতাক কুসুম্বৰ হানি হোৱাত ককাক সূৰ্যবৰে ভায়েক জয়ন্তক সাম্প্ৰতিকভাৱে শিৰোমণি ভূঞাৰ বাব দি ৰাখিছিল (১১৯-২০)। এতিয়া শঙ্কৰদেৱ