সাবালক হবৰ হৈ পঢ়ি-শুনি ঘুৰি আহিলত সেই বাব তেওঁক গতাই দিয়া হল; ৰামচৰণ লিখিছেঃ
“ভৈলন্ত প্ৰসিদ্ধ ভূঞা পাছে ডেকাগিৰি।
আপোনাৰ গ্ৰামক চাহন্ত ফুৰি ফুৰি॥
সমস্ত ভূঞায়ে আসি তাহাত খাটন্ত।
পিতৃৰ সমান ভূঞা প্ৰসিদ্ধ ভৈলন্ত॥ ১৪০৬।
সোতৰ বছৰত গুৰু-গৃহৰ পৰা আহি ওঠৰ বছৰত শিৰোমণি ভূঞাৰ বাব লৈ, উনৈশ বছৰত শঙ্কৰদেৱে ভূঞাসকলৰ অনুৰোধত চিহ্নযাত্ৰা নাট লিখি, দৃশ্যপট আঁকি খোল আদি বাজনা নিজ নিৰ্দ্দেশেৰে তৈয়াৰ কৰাই ভাৱনা পাতে। ৰামচৰণে কৈছেঃ
“আত অনন্তৰে শঙ্কৰদেৱৰ
উনৈশ বৎসৰ ভৈল।
গৃহত বসিয়া আছন্ত শঙ্কৰ
বুঢ়াখাঁয়ে তৈক গৈল॥
জয়ন্ত মাধৱ কৰিয়া উৎসৱ
আলোচি গৈল সিঠাই।
কৰ্ণপূৰ চতু- ৰ্ভুজ সমন্বিতে
গৈলন্ত যে দুয়ো ভাই॥ ১৪৫১।
আনো ভূঞাগণ সুহৃদ সজ্জন
আসে শঙ্কৰৰ পাশ।
শ্ৰীমন্ত শঙ্কৰে সবাহাঙ্কে তেৱে
কৰিলা পাছে আশ্বাস। ১৪৫২।
বুঢ়াখাঁ বোলন্ত কহিবোঁ তোমাত
আমাথেৰ প্ৰয়োজন।
ভূঞা বন্ধু যত আসিল সমস্ত
আছয় কাৰ্য্য গহন॥